ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
১৫৫৬- মোগল সম্ৰাট হুমায়ুনৰ মৃত্যু হয়।
১৮৩৫- পশ্চিমবংগত কলিকতা চিকিৎসা মহাবিদ্যালয় স্থাপন হয়।
১৮৭৮- আজিৰ দিনটোতে ইয়েল ডেইলী নিউজ আমেৰিকাত প্রথম প্রকাশিত দৈনিক কাকত হিচাপে পৰিগণিত হয়।
১৮৮৭- ফ্ৰান্সৰ ৰাজধানী পেৰিছত আইফেল টাৱাৰ নিৰ্মাণৰ কাম আৰম্ভ হয়।
১৯০৯- আমেৰিকাই কিউবাৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায়।
১৯৩২- জাপানী সেনাই চাংহাই (চীন) দখল কৰে।
১৯৩৩- চৌধুৰী ৰহমত আলী খানে মুছলিম লীগৰ দাবী অনুসৰি পৃথক জাতিৰ সৃষ্টিৰ বাবে পাকিস্তান নাম দিয়াৰ পৰামৰ্শ দিয়ে।
১৯৩৫- আইচলেণ্ডে গৰ্ভপাতক বৈধতা প্ৰদান কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়।
১৯৪২- জাৰ্মান বাহিনীয়ে লিবিয়াৰ বেনগাজী দখল কৰে।
১৯৫০ চনত ন্যায়াধীশ হীৰালাল কনিয়াই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদ গ্ৰহণ কৰে।
১৯৬২- আজিৰ দিনটোতে আমেৰিকাৰ এখন মহাকাশযান চন্দ্ৰত উপস্থিত হোৱাত ব্যৰ্থ হয়।
১৯৮৬- ফ্ল’ৰিডাৰ কেপ কানাভেৰালৰ পৰা উৰণৰ পিছত আমেৰিকাৰ মহাকাশযান “চেলেঞ্জাৰ” বিস্ফোৰণত সাতজন মহাকাশচাৰীৰ মৃত্যু হয়।
১৯৯২- আলজেৰিয়াত তিনিটা দশক ক্ষমতা দখল কৰাৰ পিছত নেচনেল লিবাৰেচন ফ্ৰণ্টে পদত্যাগ কৰে।
১৯৯৮- ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ ২৬ জন অভিযুক্তক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয়।
২০০০- ভাৰতে ১৯ বছৰ অনুৰ্ধ যুৱ বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত শ্ৰীলংকাক পৰাস্ত কৰে।
২০০৩- পশ্চিম বংগৰ হাওৰা জিলাত এখন বাছ আৰু এখন তেল টেংকাৰৰ সংঘৰ্ষত ৪২ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু আহত হয়।
২০০৮- ব্যক্তিগত খণ্ডৰ কোম্পানী জিন্দাল পাৱাৰ এণ্ড ষ্টীল লিমিটেডৰ লাভ বৃদ্ধি পায়।
২০১৩- জন কেৰী আমেৰিকাৰ বিদেশ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে।








