পুনৰ মিঞাৰ প্ৰসংগত সৰৱ হৈ উঠিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মিঞা বাংলাদেশলৈ গুছি গলেই ৰাজ্যৰ সকলো সমস্যা সমাধান হব বুলি দাবী কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে, বাংলাদেশৰ পৰা অহাসকলে নিজকে মিঞা বুলি কয়।
মুখ্যমন্ত্ৰীয়ে কয় যে, উচ্ছেদ নহলে ভোটাৰ লিষ্টত ১৬ হাজাৰ নাম সোমালেহেঁতেন। গতিকে বৰ্তমান আক্ৰমণকাৰীৰ লক্ষ্য হৈ পৰিছে অসম।
ইয়াৰ পূৰ্বেও অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মিঞা সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰিছে। বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত ৰাজ্যত ৪ৰ পৰা -৫ লাখ ‘মিঞা’ ভোটাৰৰ সংখ্যা হ্ৰাস কৰা হ’ব বুলি এক ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। তেওঁ দাবী কৰে যে, তেওঁৰ প্ৰধান কামেই হৈছে ‘মিঞাক হাৰাশাস্তি দিয়া’। লগতে এনে ভোটাৰে বাংলাদেশতহে ভোট দিব লাগে বুলি কয় মুখ্যমন্ত্ৰীয়ে।









