No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মেলিছে ফাট। গৌৰৱ গগৈৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি দিল্লীলৈ ৰাওনা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ। লাহৰীঘাটৰ বিধায়ক আছিফ নাজাৰক টিকট দিলেই পদত্যাগৰ ভাবুকি দিছে বৰদলৈয়ে। AICCৰ সা: সম্পাদক জিতেন্দ্ৰ সিঙলৈ প্ৰদ্যুৎ বৰদলৈৰ বিস্ফোৰক পত্ৰ। ইমদাদুল ইছলামক আছিফ নাজাৰে আদৰণি জনোৱাক লৈ ক্ষোভ। ২০২৫ৰ ২৭ এপ্ৰিলত ধিঙত বৰদলৈৰ ওপৰত আক্ৰমণ চলাইছিল ইমদাদুলে।
- ডবকাৰ কংগ্ৰেছ কাৰ্যালয়ত নিশা উত্তপ্ত পৰিস্থিতি। বিন্নাকান্দি সমষ্টি মিত্ৰদলক এৰি দিয়াক লৈ অসন্তুষ্টি খোদ কংগ্ৰেছ কৰ্মীৰ। ৰাজীৱ ভৱনৰ আচবাব ভাঙি লণ্ডভণ্ড কৰে একাংশ ক্ষুব্ধ কংগ্ৰেছ কৰ্মী-সমৰ্থকৰ। ফালি পেলালে কংগ্ৰেছ নেতাৰ বেনাৰ-পোষ্টাৰ। সমষ্টিটোৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰেহান উদ্দিনৰ সমৰ্থকৰ ক্ষোভ প্ৰকাশ। ধনৰ বিনিময়ত বিন্নাকান্দি সমষ্টিত টিকট দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হয়।
- ১৫ মাৰ্চৰ নিশা ওড়িশাৰ কাটাকৰ এছ চি বি মেডিকেল কলেজ এণ্ড হস্পিতালৰ ট্ৰমা কেয়াৰ আই চি ইউত এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয়। সোমবাৰে পুৱা প্ৰায় ৩ বজাত চিকিৎসালয়খনৰ প্ৰথম মহলাত থকা ট্ৰমা কেয়াৰ ইমাৰ্জেন্সি বিভাগত হঠাতে অগ্নিকাণ্ড সংঘটিত হয়। খবৰ অনুসৰি, এই ঘটনাত ১০ জন ৰোগীৰ মৃত্যু হয়। কোনোজনে আই চি ইউতেই শ্বাসৰুদ্ধ হৈ মৃত্যুবৰণ কৰাৰ বিপৰীতে আন কিছুমানক শ্বিফ্ট কৰাৰ সময়তে মৃত্যু হয়। ৫ জন ৰোগীৰ অৱস্থা বৰ্তমানেও সংকটজনক হৈয়ে আছে। চিকিৎসালয়ৰ কৰ্মচাৰীও কিছু আঘাতপ্ৰাপ্ত হয় যদিও এই সংখ্যা এতিয়াও নিশ্চিত হোৱা নাই।
- মধ্যপ্ৰাচ্যত ইৰাণৰ সৈতে চলি থকা আমেৰিকা-ইজৰাইল যুদ্ধ ক্ষান্ত হোৱাৰ কোনো লক্ষণ দেখা যোৱা নাই। ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এক বিবৃতিত পুনৰবাৰ উত্তেজনা বৃদ্ধি পাইছে। ইৰাণৰ খাৰ্গ দ্বীপত আক্ৰমণৰ কথা উল্লেখ কৰে ট্ৰাম্পে। তেওঁ আন দেশকো নিজৰ যুদ্ধ জাহাজ হৰমুজ জলদ্বীপলৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনায়।
No Result
View All Result