সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান।’ইন্ধনক লৈ কোনেও ভয় খাব নালাগে।অসমত সংকট হোৱা নাই পেট্ৰ’ল-ডিজেলৰ।অসমত বুজন পৰিমাণৰ পেট্ৰ’ল-ডিজেল মজুত আছে।বেছিকৈ পেট্ৰ’ল কিনি থ’ব নালাগে’। বেছিকৈ কিনিলে বেছিকৈ টকা খৰচ হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। ভাৰতত কোনোধৰণৰ সংকট হোৱা নাই বুলি মুখ্যমন্ত্ৰীৰ উল্লেখ কৰে।
নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ২৮ মাৰ্চত গুৱাহাটীত অমিত শ্বাহৰ ৰোড শ্ব’ হব। ২৯ মাৰ্চত ঢেকিয়াজুলি আৰু টিহুৰ চামতাত নিৰ্বাচনী প্ৰচাৰ চলাব অমিত শ্বাহে। আকৌ ১ এপ্ৰিলত অসমত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী। বিহালী আৰু গোগামুখৰ নিৰ্বাচনী সভাত অংশ ল’ব প্ৰধানমন্ত্ৰীয়ে। ৫ এপ্ৰিলত পুনৰ প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীয়ে।
আজি অসম বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন।বিয়লি ৩বজালৈ প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰিব পাৰিব মনোনয়ন। বৰ্তমানলৈকে ৫গৰাকী প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰিলে মনোনয়ন। ৪সমষ্টিৰ ৫নিৰ্দলীয় প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ। ৰঙিয়াত আনোৱাৰ খান, গোলাঘাটত সুশীল হিৰেঞ্জৰ, বিজনীত মোহিনী বসুমতাৰী,আবু তালেপ শিকদাৰ, লখিমপুৰৰ নিৰ্দলীয় প্ৰাৰ্থী জিয়াবুল ইছলাম লস্কৰৰ লগতে মনোনয়ন বাতিল বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ সৰকাৰৰ। আকৌ এই পৰ্যন্ত নাকচ ৫১খন মনোনয়ন পত্ৰ।
জাহাজত উঠিবলৈ যাওঁতে নদীত বাগৰি পৰে বাছ। আল্লা আল্লা বুলি চিঞৰি উঠে বাছত থকা যাত্ৰীসকলে। বাংলাদেশত সংঘটিত হৈছে এই ভয়ংকৰ বাছ দুৰ্ঘটনা। দুৰ্ঘটনাত ২৩ জনকৈ লোকে হেৰুৱালে জীৱন। নিয়ন্ত্ৰণ হেৰুৱাই পদ্মা নৈত বাগৰি পৰে এই বাছখন। ৰাজবাৰীৰ পৰা ঢাকালৈ গৈ আছিল এই যাত্ৰীবাহী বাছখন।












