মধ্যপ্ৰাচ্যত চলি থকা উত্তেজনাৰ মাজতে ভাৰতৰ বাবে ভাল খবৰ। ইৰাণে পাঁচখন দেশৰ জাহাজক হৰমুজ জলদ্বীপৰ মাজেৰে পাৰ হ’বলৈ অনুমতি প্ৰদান কৰিছে। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে স্পষ্ট কৰি দিয়ে যে, কৌশলগতভাৱে গুৰুত্বপূৰ্ণ হৰমুজ জলদ্বীপ সম্পূৰ্ণৰূপে বন্ধ নহয়। তেওঁ ভাৰতকে ধৰি ৫ খন বন্ধুত্বপূৰ্ণ দেশৰ জাহাজৰ বাবে নিৰাপদ যাত্ৰাৰ কথা ঘোষণা কৰে।
আৰাঘচিৰ মতে ভাৰত, চীন, ৰাছিয়া, ইৰাক, পাকিস্তানৰ জাহাজক হৰমুজ জলদ্বীপৰ মাজেৰে পাৰ হ’বলৈ দিয়া হ’ব। তেওঁ বুজাই দিয়ে যে, এই দেশসমূহে ইৰাণৰ সৈতে যোগাযোগ কৰি নিৰাপদ যাতায়াতৰ অনুৰোধ জনাইছে। যাৰ বাবে ভাৰতকে ধৰি এই দেশসমূহলৈ হৰমুজ জলদ্বীপৰ মাজেৰে জাহাজ পাৰ হোৱাৰ অনুমতি প্ৰদান কৰা হৈছে। লগতে তেওঁ কয় যে, হৰমুজ কেৱল শত্ৰু দেশৰ বাবেহে বন্ধ, কিন্তু বন্ধু দেশৰ বাবে মুকলি।
এইক্ষেত্ৰত আমেৰিকাৰ সৈতে কোনো আনুষ্ঠানিক আলোচনা হোৱা নাই বুলিও তেওঁ উল্লেখ কৰে। তেওঁৰ মতে মধ্যস্থতাকাৰীৰ জৰিয়তে বাৰ্তা আদান-প্ৰদান কৰাটো আলোচনাৰ ৰূপ লোৱা নহয়।তেওঁ কয় যে ৱাশ্বিংটনে বিভিন্ন চেনেলৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰিছে যদিও তেহৰানে এই আনুষ্ঠানিক আলোচনাৰ কথা বিবেচনা নকৰে। এই সংঘাতত আমেৰিকাই নিজৰ লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হোৱা বুলিও তেওঁ দাবী কৰে। তেওঁৰ মতে, ইৰাণত আমেৰিকাই দ্ৰুত বিজয়ো লাভ কৰা নাই, শাসন ব্যৱস্থাও সলনি কৰা নাই।
ইৰাণৰ মন্ত্ৰীগৰাকীয়ে আৰু কয় যে ইৰাণে নিজৰ শক্তি প্ৰদৰ্শন কৰি বিশ্বক দেখুৱাইছে যে কোনো দেশেই নিজৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব নোৱাৰে। তেওঁ লগতে কয় যে, ইৰাণে যুদ্ধখন দীঘলীয়া কৰিব নিবিচাৰে, কিন্তু এই সংঘাতৰ স্থায়ী অন্ত বিচাৰে।
উল্লেখ্য যে, হৰমুজৰ ওপৰত নিয়ন্ত্ৰণ দখল কৰি ইৰাণে নিজৰ শক্তি প্ৰমাণ কৰিছে আৰু আমেৰিকাকে ধৰি আন দেশসমূহে ইয়াক ৰোধ কৰাত ব্যৰ্থ হৈছে।













