এগৰাকী বিবাহিত পুৰুষে যদি আন কোনো মহিলাৰ সৈতে লিভ ইন সম্পর্কত জড়িত হৈ পৰে, তেন্তে সেয়া আইনৰ দৃষ্টিত অপৰাধ নহয়। এই মন্তব্য এলাহাবাদ উচ্চ ন্যায়ালয়ৰ। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এখন বিভাগীয় বিচাৰপীঠে লাইভ-ইন সম্পৰ্ক সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ কৰিছে।
উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জে.জে. মুনীৰ আৰু ন্যায়াধীশ তৰুণ ছাক্সেনাই কয় যে, আদালতৰ কৰ্তব্য হৈছে সামাজিক বা পাৰিবাৰিক নৈতিকতাৰ ওপৰত নহয়, আইনৰ ওপৰত ভিত্তি কৰি ৰায়দান প্ৰদান কৰা। যদি কোনো কাৰ্য্য আইনৰ দৃষ্টিত অপৰাধ নহয়, তেন্তে কেৱল সমাজৰ ধাৰণাৰ বাবেই আদালতে সেইটো ভুল বুলি ঘোষণা কৰিব নোৱাৰে। নৈতিকতা আৰু আইনক অৱশ্যেই পৰস্পৰে পৰস্পৰে পৃথকে ৰাখিব লাগিব।
আদালতে স্পষ্টকৈ উল্লেখ কৰে যে, এগৰাকী প্ৰাপ্তবয়স্ক মহিলাৰ সন্মতি সাপেক্ষে বিবাহিত পুৰুষে লিভ-ইন ৰিলেচনত থাকিলে এয়া কোনো অপৰাধমূলক কাম নহয়। কোনো আইন উলংঘা নহ’লে আদালতে এনে সম্পৰ্কক অপৰাধ বুলি গণ্য নকৰে।
উচ্চ ন্যায়ালয়ে জনোৱা মতে আদালতত দ্বাৰস্থ হোৱাৰ পূৰ্বে আৰক্ষী অধীক্ষকক লিভ ইন সম্পর্কত থকা মহিলা এগৰাকীয়ে জনাইছিল যে, তেওঁ স্বেচ্ছাই এজন বিবাহিত পুৰুষৰ সৈতে লিভ ইন সম্পৰ্কত আছে। তাৰ যাৰ বাবে তেওঁৰ পৰিয়ালে তেওঁক ‘অনাৰ কিলিং’ ৰ ভাবুকি দিছে। তেওঁৰ পিতৃ-মাতৃ আৰু অন্যান্য আত্মীয়ই এই সম্পৰ্কত অসন্তুষ্ট হৈ তেওঁক হত্যা কৰাৰ ভাবুকি দিছে। কিন্তু এই বিষয়টোক লৈ আৰক্ষীৰ ওচৰত অভিযোগ দিয়াৰ পাছতো আৰক্ষী অধীক্ষকৰ ফালৰ পৰা কোনো ব্যৱস্থাই গ্ৰহণ কৰা নহয়।
শ্বাহজাহানপুৰৰ আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত কোনো ধৰণৰ সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হোৱাত উচ্চ ন্যায়ালয়ে অসন্তুষ্টি প্ৰকাশ কৰে।আদালতে জনাই যে, এইক্ষেত্ৰত আৰক্ষী অধীক্ষকগৰাকীৰ সুনির্দিষ্ট দায়বদ্ধতা আছে।
আদালতে কয় যে, যদি দুগৰাকী প্ৰাপ্তবয়স্কই একেলগে থাকিব বিচাৰে, তেন্তে তেওঁলোকক সুৰক্ষা দিয়াটো আৰক্ষীৰ কৰ্তব্য। এনে ক্ষেত্ৰত দম্পতীহালৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰাটো আৰক্ষী অধীক্ষকৰ ব্যক্তিগত দায়িত্ব।মহিলাগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত অপহৰণৰ গোচৰ ৰুজু কৰা হয়। এই গোচৰত উচ্চ ন্যায়ালয়ে দম্পতীহালক যথেষ্ট সকাহ প্ৰদান কৰে।
আদালতে স্পষ্ট কৰি দিয়ে যে, সন্মতি সাপেক্ষে বিবাহিত পুৰুষে লিভ-ইন ৰিলেচনত থাকিলে এয়া কোনো অপৰাধমূলক কাম নহয়। দম্পতীহালৰ সুৰক্ষাৰ বাবে ব্যক্তিগতভাৱে দায়বদ্ধ হ’ব শ্বাহজাহানপুৰৰ আৰক্ষী অধীক্ষক।












