বৰ্তমান আমেৰিকাই দুটা ডাঙৰ ফ্ৰণ্টৰ সৈতে যুঁজি আছে। পশ্চিম এছিয়াত ইৰাণৰ বিৰুদ্ধে চলি থকা যুদ্ধত হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে। আনহাতে দেশৰ ভিতৰতে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নীতিৰ বিৰুদ্ধে জনসাধাৰণৰ ক্ষোভৰ সৃষ্টি হৈছে।
আমেৰিকাৰ ৫০খন ৰাজ্যত একেলগে “নো কিংছ”ৰ বেনাৰত ৰেলী অনুষ্ঠিত হয়। এই আন্দোলনৰ অনুৰণন কেৱল আমেৰিকাত সীমাবদ্ধ হৈ নাথাকে। ইউৰোপ, লেটিন আমেৰিকা, অষ্ট্ৰেলিয়া আদিতো ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে।
এইটো আছিল “ন’ কিংছ” আন্দোলনৰ তৃতীয়টো বৃহৎ সমাৱেশ। আয়োজকসকলৰ মতে জুন মাহত প্ৰায় ৫০ লাখ আৰু অক্টোবৰ মাহত ৭০ লাখ লোকে ৰাজপথলৈ ওলাই আহিছিল, আনহাতে এইবাৰ প্ৰায় ৯০ লাখ লোকে অংশগ্ৰহণ কৰাৰ অনুমান কৰা হৈছে। সমগ্ৰ দেশতে ৩১০০ৰো অধিক অনুষ্ঠান অনুষ্ঠিত হয়, যিটো অক্টোবৰৰ তুলনাত ৫০০ৰো অধিক। তাৎপৰ্যপূৰ্ণভাৱে এই সমাৱেশসমূহৰ দুই তৃতীয়াংশই সৰু চহৰ আৰু গ্ৰামাঞ্চলত অনুষ্ঠিত হৈছিল, ইয়াৰ দ্বাৰা স্পষ্টভাৱে প্ৰমাণিত হৈছে যে এই আন্দোলনে এতিয়া সমাজৰ প্ৰতিটো শ্ৰেণীৰ মাজলৈ গৈছে।
এইবাৰৰ আটাইতকৈ ডাঙৰ ৰেলী ছেইণ্ট পলত অনুষ্ঠিত হৈছিল, যিটো ৰাষ্ট্ৰীয় মূল অনুষ্ঠান হিচাপে ঘোষণা কৰা হৈছিল। বিখ্যাত ৰক গায়ক ব্ৰুচ স্প্ৰিংষ্টীনে তেওঁৰ নতুন গীত “ষ্ট্ৰীটছ অৱ মিনিয়াপলিছ” পৰিবেশন কৰে। আমেৰিকাৰ ইমিগ্ৰেচন এজেণ্টৰ গুলীচালনাত নিহত হোৱা ৰেনী গুড আৰু এলেক্স প্ৰিটিৰ স্মৃতিত এই গীতটো ৰচনা কৰা হৈছে। স্প্ৰিংষ্টীনে কয় যে, মিনেছ’টাৰ জনসাধাৰণৰ সাহস আৰু সংহতি সমগ্ৰ দেশখনৰ বাবে আশাৰ ৰেখা আৰু এনে আক্ৰমণে আমেৰিকাৰ চহৰসমূহক তললৈ নমাই আনিব নোৱাৰে।












