সমাগত বিধানসভা নিৰ্বাচন। তুংগত উঠিছে সকলো দলৰে নিৰ্বাচনী প্ৰচাৰ। আগন্তুক নিৰ্বাচনক সকলো দলে নিৰ্বাচনী প্ৰচাৰ চলাই আছে। আজি অসমলৈ আহিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। বাজপেয়ী ভৱনত বিত্তমন্ত্ৰীৰ উপস্থিতিত উন্মোচন হৈছে বিজেপিৰ সংকল্প পত্ৰ।
বিজেপিৰ এই সংকল্প পত্ৰত অসমৰ ৰাইজৰ বাবে সন্নিৱিষ্ট আছে বিজেপিৰ ৩১ টা ডাঙৰ প্ৰতিশ্ৰুতি। সেইকেইটাৰ ভিতৰত মুখ্য প্ৰতিশ্ৰুতি হৈছে-
- বিজেপি চৰকাৰ গঠন হোৱাৰ পিছতে ভাঙি দিয়া হব মিঞাৰ ৰাজহাঁড়
- অসমৰ পৰা খেদি পঠিওৱা হ’ব বাংলাদেশীক। চিনাক্ত হোৱাৰ পিছতে ২৪ ঘণ্টাৰ ভিতৰত বাংলাদেশীক বিতাড়ন। এক ইঞ্চিও মাটিও দখল কৰিব নোৱাৰিব বাংলাদেশী মিঞাই। বাংলাদেশীৰ মিঞাৰ বিৰুদ্ধে চলি থাকিব উচ্ছেদ।
- অৰুণোদয় ধন মাহিলী ৩০০০ টকালৈ বৃদ্ধি কৰা হ’ব
- চাহ শ্ৰমিকৰ মজুৰি ৫০০ টকালৈ বৃদ্ধি লগতে চাহ শ্ৰমিকক প্ৰদান কৰা হ’ব মাটিপট্টা
- অহা ৫ বছৰত ৫ লাখ লোকক প্ৰদান কৰা হ’ব চৰকাৰী ঘৰ
- বিজেপি চৰকাৰ আহিলেই অসমত বলৱৎ কৰা হ’ব UCC
- লাভ জেহাদ তথা ভূমি জেহাদৰ বিৰুদ্ধে আহিব কঠোৰ আইন
- বানমুক্ত অসম নিৰ্মাণ কৰিবলৈ ১৮০০০ কোটি ব্যয় কৰিব চৰকাৰে
- বিজেপি চৰকাৰে অহা ৫ বছৰত ২ লাখ যুৱক-যুৱতীক প্ৰদান কৰিব চৰকাৰী চাকৰি
- উদ্যোগীকৰণৰ বাবে অতিৰিক্ত ১০ লাখ যুৱক-যুৱতীক কৰ্ম সংস্থাপন দিয়া হ’ব
- লগতে দৰিদ্ৰ পৰিয়ালক বিনামূলীয়াকৈ মচুৰ দাইল, মিঠাইল প্ৰদান কৰিব চৰকাৰে
- প্ৰাদেশিকীকৰণৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি
- ৪০ লাখ লাখপতি মহিলাক ২৫০০০ টকাৰ অনুদানৰ প্ৰতিশ্ৰুতি











