ৰাছিয়াৰ ক্ৰিমিয়াত An-26 নামৰ এখন সামৰিক পৰিবহণ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। এই ভয়ংকৰ বিমান দুৰ্ঘটনাত ২৯ জন লোকৰ মৃত্যু হৈছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই কথা নিশ্চিত কৰি কয় যে, ২৩ জন যাত্ৰী আৰু ৬ জন ক্ৰু মেম্বাৰ নিহত হৈছে। বৰ্তমানলৈকে কোনো লোকৰ জীৱিত লোকৰ খবৰ পোৱা নাই। এই ঘটনাই ৰাছিয়াত শোকৰ ঢৌৰ সৃষ্টি কৰিছে।
বাতৰি অনুসৰি,এইখনেই আছিল ২০১৪ চনত ইউক্ৰেইনৰ পৰা ৰাছিয়াই জব্দ কৰা একেখন বিমান। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে, বিমানখনত বাহ্যিক প্ৰভাৱৰ কোনো চিন পোৱা নাযায়। প্ৰাথমিক তথ্য অনুসৰি, কাৰিকৰী বিজুতিৰ বাবেই এই দুৰ্ঘটনাৰ অনুমান কৰা হৈছে।
An-26 আছিল ৪০ জন সৈন্যৰ ক্ষমতা থকা টুইন ইঞ্জিনযুক্ত টাৰ্বোপ্ৰপ বিমান। ইয়াক পেৰাট্ৰুপাৰ নিয়োগ আৰু আহতসকলক উলিয়াই নিয়াৰ বাবে ডিজাইন কৰা হৈছিল। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে কাৰিকৰী বিজুতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে। মন্ত্ৰালয়ে লগতে কয় যে, বিমানখনত বাহ্যিক প্ৰভাৱৰ কোনো চিন পোৱা নাযায়, যাৰ পৰা অনুমান কৰিব পাৰি যে মিছাইল, ড্ৰ’ন, বা চৰাইৰ আক্ৰমণৰ দৰে কাৰক জড়িত নহয়। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে প্ৰতিৰক্ষা বিভাগে।











