পশ্চিম এছিয়াৰ পৰিস্থিতি বৰ্তমানেও অধিক অনিয়ন্ত্ৰিত হৈ আছে। ইজৰাইল আৰু আমেৰিকা আৰু ইৰাণৰ মাজত হোৱা তীব্ৰ সংঘৰ্ষই ৩৩ সংখ্যক দিনত ভৰি দিছে, পৰিস্থিতি আৰু অধিক বিপজ্জনক হৈ পৰিছে। ক্ষেপণাস্ত্ৰৰ শিলাবৃষ্টি আৰু অবিৰত বিস্ফোৰণে সৃষ্টি কৰিছে এক ধ্বংসলীলাৰ দৃশ্য। এই যুদ্ধই এতিয়া সীমা অতিক্ৰম কৰি বিশ্বজনীন ভাবুকিত পৰিণত হৈছে, য’ত প্ৰতিটো মুহূৰ্তৰ লগে লগে ধ্বংস আৰু অনিশ্চয়তাৰ ছাঁ গভীৰ হৈ আহিছে।
লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ৰাজধানী বেইৰুটৰ সমীপৰ খাল্ডে অঞ্চলত ইজৰাইলে এখন গাড়ীৰ ওপৰত বিমান আক্ৰমণ চলায়। এই আক্ৰমণত ২ জন লোক নিহত হোৱাৰ লগতে ৩ জন আহত হয়। আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয়।
হোয়াইট হাউছৰ এক বিবৃতিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে, ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ সামৰিক ব্যৱস্থা গ্ৰহণৰ প্ৰধান উদ্দেশ্য হৈছে ইৰাণৰ পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণত বাধা দিয়া। ট্ৰাম্পে এই লক্ষ্যত উপনীত হোৱা বুলি উল্লেখ কৰে। তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে, আমেৰিকাৰ লক্ষ্য এইয়ে যে, ইৰাণত যাতে শাসন ব্যৱস্থা সলনি নহয়। ইৰাণৰ শাসন ব্যৱস্থা ইতিমধ্যে সলনি হৈছে বুলিও ট্ৰাম্পে নিজৰ বিবৃতিত উল্লেখ কৰিছে।
লেবাননৰ সংগঠন হিজবুল্লাই দাবী কৰিছে যে, তেওঁলোকৰ যোদ্ধা বিমানে বেৰিয়া ঘাটিত ৰকেট আক্ৰমণ চলাইছিল। সংগঠনটোৱে জনোৱা মতে, ছাফাদৰ উত্তৰ দিশত অৱস্থিত ঘাটিটোক লক্ষ্য কৰি এই আক্ৰমণ চলাইছিল। হিজবুল্লাহে উত্তৰ ইজৰাইলৰ মেৰন ঘাটিকো লক্ষ্য কৰি লোৱাৰ বাতৰি প্ৰকাশ কৰিছে, যিটো আকাশী চোৱাচিতা আৰু কাৰ্য্যকৰী ব্যৱস্থাপনাৰ বাবে ব্যৱহাৰ কৰা হয়।
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কয় যে, ইৰাণৰ বিৰুদ্ধে অভিযান এতিয়াও শেষ হোৱা নাই। তেওঁ স্পষ্টভাৱে কয় যে, এই উদ্দেশ্য পূৰণ নোহোৱালৈকে এই কাৰ্য্য অব্যাহত থাকিব। নেতান্যাহুৱে কয় যে, আমেৰিকাৰ সহযোগত চলোৱা এই অভিযান এমাহ ধৰি চলি আছে আৰু এই সময়ছোৱাত তেওঁলোকে সন্ত্ৰাসবাদী নেটৱৰ্কক যথেষ্ট দুৰ্বল কৰি তুলিছে। তেওঁ লগতে দাবী কৰে যে, এই অভিযানে ইৰাণৰ শক্তিক জোকাৰি গৈছে আৰু ইৰাণৰ ক্ষমতা এতিয়া আৰু আগৰ দৰে শক্তিশালী নহয়। ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ এই বক্তব্যই স্পষ্টভাৱে ইংগিত দিয়ে যে অঞ্চলটোত উত্তেজনা লাঘৱ হ’ব নোৱাৰে আৰু ভৱিষ্যতে পৰিস্থিতি অধিক ভয়াৱহ হ’ব পাৰে।
ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে কয় যে, তেওঁৰ দেশখনে যুদ্ধৰ অন্ত পেলাব বিচাৰে, কিন্তু প্ৰয়োজনীয় চৰ্তসমূহ পূৰণ কৰিব লাগিব, বিশেষকৈ এনে আক্ৰমণ পুনৰ নহ’ব বুলি আশ্বাস দিব লাগিব। ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিঅ’ কোষ্টাৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত তেওঁ এই মন্তব্য কৰে।
ইজৰাইলে লেবাননৰ শ্বামষ্টাৰত দুটাকৈ বিমান আক্ৰমণ সংঘটিত কৰে। ইজৰাইলৰ সামৰিক মুখপাত্ৰই দাবী কৰে যে তেওঁলোকৰ সৈন্যক ড্ৰ’নে আক্ৰমণ কৰিছিল, আৰু প্ৰতিশোধমূলক ব্যৱস্থাত আক্ৰমণকাৰীক হত্যা কৰা হৈছে। অৱশ্যে এই দাবীসমূহ স্বতন্ত্ৰভাৱে নিশ্চিত হোৱা নাই।











