মধ্যপ্ৰাচ্যত ইৰাণৰ সৈতে চলি থকা যুদ্ধৰ প্ৰায় ৫ সপ্তাহৰ পাছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ধাৰাবাহিক বিপৰ্যয়ৰ সন্মুখীন হৈছে। ব্ৰিটেইন, ইটালী, স্পেইনৰ দৰে মিত্ৰ দেশসমূহে ইৰাণ-আমেৰিকাৰ যুদ্ধত সহযোগিতা কৰিবলৈ অস্বীকাৰ কৰিছে। এতিয়া কাটাৰে আমেৰিকাক আন এক বৃহৎ আঘাত কৰিছে। পশ্চিম এছিয়াত চলি থকা সংঘাতত কাটাৰে মধ্যস্থতা কৰিবলৈ অস্বীকাৰ কৰিছে।
কাটাৰৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰই এক আনুষ্ঠানিক বিবৃতিত এই কথা নিশ্চিত কৰি কয় যে, আমেৰিকা আৰু ইজৰাইলৰ সৈতে ইৰাণৰ চলি থকা যুদ্ধত কাটাৰ চলি থকা মধ্যস্থতাকাৰী প্ৰচেষ্টাৰ সৈতে জড়িত নহয়। তেওঁলোকৰ প্ৰচেষ্টা কেৱল নিজ দেশৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ওপৰত কেন্দ্ৰিত।
কাটাৰৰ বৈদেশিক মন্ত্ৰালয়ৰ এনে বক্তব্যৰ দ্বাৰা প্ৰকাশ পাইছে যে, ব্ৰিটেইন, ইটালী, ফ্ৰান্স, স্পেইনকে ধৰি কেইবাখনো দেশে ইৰাণৰ বিৰুদ্ধে চলি থকা যুদ্ধত যোগদান কৰিবলৈ অস্বীকাৰ কৰিছে। এই সন্দৰ্ভত ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে কয় যে, এই যুদ্ধ ব্ৰিটেইনৰ নহয়। ব্ৰিটেইনে এই যুদ্ধ আৰম্ভ কৰা নাছিল। তদুপৰি ব্ৰিটেইনে ইৰাণক আক্ৰমণ কৰিবলৈ নিজৰ সৈন্যৰ ব্যৱস্থা কৰিবলৈ অস্বীকাৰ কৰিছে আৰু লগতে আমেৰিকাৰ বিমানক ইয়াৰ আকাশমাৰ্গ ব্যৱহাৰ কৰিবলৈ অনুমতি দিবলৈও অস্বীকাৰ কৰিছে।











