ইৰাণ-আমেৰিকাৰ যুদ্ধৰ ফলত সৃষ্টি হোৱা ইন্ধন সংকটে ভাৰতৰ চুবুৰীয়া দেশসমূহকো প্ৰভাৱিত কৰিছে। খবৰ অনুসৰি শ্ৰীলংকা, নেপালকে ধৰি কেইবাখনো দেশে ভাৰতৰ পৰা যোগানৰ বাবে অনুৰোধ জনাইছে। মালদ্বীপো ইয়াৰ ভিতৰত অন্যতম।
উল্লেখযোগ্য যে মালদ্বীপ চৰকাৰে এসময়ত ভাৰতক মুকলিকৈ সমালোচনা কৰিছিল। অৱশ্যে এই অনুৰোধসমূহ ভাৰতত বিবেচনা কৰা হৈছে। শেহতীয়াকৈ ইৰাণে উল্লেখ কৰিছে যে, ভাৰতে হৰমুজ জলদ্বীপ অতিক্ৰম কৰাৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন নাই।
ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে, মালদ্বীপে ভাৰতৰ পৰা ইন্ধন বিচাৰিছে। ভাৰতে চুবুৰীয়া দেশলৈ ইন্ধন প্ৰেৰণ অব্যাহত ৰাখিছে। তেওঁ বুজাই দিলে যে ভাৰতে বাণিজ্যিক চুক্তিৰ অধীনত বাংলাদেশ, নেপাল, ভূটান, আৰু শ্ৰীলংকাক ইন্ধন যোগান ধৰে। উল্লেখযোগ্য যে ভাৰত বিশ্বৰ চতুৰ্থ বৃহত্তম শোধনাগাৰ। তেওঁ জনায় যে মালদ্বীপ চৰকাৰেও হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী দুয়োটা ভিত্তিতে পেট্ৰলিয়াম সামগ্ৰী যোগানৰ বাবে ভাৰতৰ কাষ চাপিছে। মালদ্বীপৰ এই অনুৰোধ ভাৰতৰ নিজৰ উপলব্ধতা আৰু প্ৰয়োজনীয়তাক মনত ৰাখি বিবেচনা কৰা হৈছে। বিশ্ব বেংকৰ তথ্য অনুসৰি মালদ্বীপত সাধাৰণতে অধিকাংশ ইন্ধনৰ উৎস ওমানৰ পৰাই হয়।
বৰ্তমান মালদ্বীপত ৰাষ্ট্ৰপতি মহম্মদ মইজ্জুৱে শাসন। নিৰ্বাচনত জয়ী হোৱাৰ পূৰ্বে তেওঁ “ইণ্ডিয়া আউট”ৰ প্ৰচাৰ চলাইছিল আৰু আনকি ভাৰতীয় সৈন্য প্ৰত্যাহাৰ কৰিবলৈও নিৰ্দেশ দিছিল। অৱশ্যে শেহতীয়াকৈ মইজুৱে ভাৰতক বিশ্বাসযোগ্য অংশীদাৰ হিচাপে ঘোষণা কৰিছে। খবৰ অনুসৰি পৰ্যটনৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল দেশখনে বিমান সেৱাৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বাবেও অসুবিধাৰ সন্মুখীন হৈছে।











