ইৰাণৰ ড্ৰ’ন আক্ৰমণত ৫ এপ্ৰিলত কুৱেইটৰ শ্বুৱাইখ তৈলক্ষেত্ৰ কমপ্লেক্সত অগ্নিকাণ্ড সংঘটিত হয় যদিও কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই। কুৱেইটৰ ৰাজ্যিক সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, ড্ৰ’ন আক্ৰমণৰ ফলত শ্বুৱাইখ তৈলক্ষেত্ৰ কমপ্লেক্সত অ*গ্নি সংলগ্ন হয়। কুৱেইটে কয় যে, ইৰাণৰ ড্ৰ’ন আক্ৰমণত চৰকাৰী কাৰ্যালয়ৰ এটা কমপ্লেক্সৰ যথেষ্ট ক্ষতিসাধন হয়।
ইফালে ইজৰাইলী সেনাই কয় যে, ইৰাণে ইজৰাইলৰ ফালে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল। অৱশ্যে এই কাণ্ডত কোনো লোক আহত হোৱা নাই আৰু অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন দলে ততাতৈয়াকৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰে।
ইৰাণৰ বিজ্ঞান মন্ত্ৰী হোছেইন ছিমাই ছাৰাফে কয় যে যুদ্ধ আৰম্ভ হোৱাৰ পৰাই ইৰাণৰ ৩০খন বিশ্ববিদ্যালয় আমেৰিকা-ইজৰাইলৰ আক্ৰমণৰ ফলত ক্ষতিগ্ৰস্ত হয়। তথ্য অনুসৰি, শুকুৰবাৰে বিমান আক্ৰমণৰ ফলত শ্বাহিদ বেহেষ্টী বিশ্ববিদ্যালয়ৰ লেজাৰ আৰু প্লাজমা গৱেষণা কেন্দ্ৰৰ ক্ষতিসাধন হয়। ছাৰাফে কয় যে, ২৮ ফেব্ৰুৱাৰীৰ পৰা যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা কমেও ৩০খন বিশ্ববিদ্যালয়ৰ কিছু অংশ আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।
ইজৰাইলে আগতীয়াকৈ বিমান আক্ৰমণৰ সতৰ্কবাণী দিয়াৰ পিছত ছিৰিয়াই সীমান্তৰ এটা চেকপইণ্ট সাময়িকভাৱে বন্ধ কৰি দিয়ে। আইডিএফৰ সতৰ্কবাণীৰ পিছতে ছিৰিয়াৰ সীমান্ত আৰু শুল্ক কৰ্তৃপক্ষই এই চেকপইণ্টটো সাময়িকভাৱে বন্ধ কৰি দিব বুলি কয়। সংস্থাটোৱে জনোৱা মতে, ছিৰিয়াৰ সীমান্তত থকা জেডেইডেট ইয়াবুছ নামেৰে পৰিচিত মাছনা ক্ৰছিংটো কেৱল অসামৰিক যাতায়তৰ বাবেহে নিৰ্ধাৰণ কৰা হৈছে।










