সমাগত বিধানসভা নিৰ্বাচন। কাইলৈ পুৱা ৭ বজাৰ পৰা আৰম্ভ হব ভোটগ্ৰহণ। পিছে ভোটগ্ৰহণৰ পূৰ্বে চৰম অস্বস্তিত ভুগিছে কংগ্ৰেছ দল।
ভোটগ্ৰহণলৈ মাজত আৰু কিছু মূহুৰ্ত থাকোতে কংগ্ৰেছ দলত মোক্ষম আঘাত। প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ পিছত ওদালগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থীয়ে। ওদালগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী সুৰেন দৈমাৰীয়ে ত্যাগ কৰিলে নিজৰ প্ৰাৰ্থিত্ব। কেৱল প্ৰাৰ্থিত্ব প্ৰত্যাহাৰেই নহয়, দলো ত্যাগ কৰিলে সুৰেন দৈমাৰীয়ে।
তেওঁ কয় যে, কংগ্ৰেছ দল মিঞাৰ ৰক্ষক। জনজাতীয় লোকক কংদ্ৰেছে প্ৰশ্ৰয় নিদিয়ে বুলি প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ বাবে আহি নিৰ্বাচনী আয়ুক্ত কাৰ্যালয়ত এই মন্তব্য কৰে সুৰেন দৈমাৰীয়ে। দলে তেওঁক বিশ্বাসঘাটকতা কৰা বুলিও অভিযোগ দিয়ে।










