আজি ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। ২ কোটি ৫০ লাখ ৫৪ হাজাৰ ৪৬৩ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৭২২ গৰাকী প্রার্থীৰ ভাগ্য। তৎপৰ হৈ উঠিছে আৰক্ষী-প্ৰশাসন।
পুৱা ৭ বজাৰ পৰা ৰাজ্যখনৰ সৰ্বমুঠ ৩১,৪৯০ টা ভোট কেন্দ্ৰত আৰম্ভ হৈছে ভোটগ্ৰহণ। ইয়াৰ ভিতৰত ৩১,৪৮৬ টা মূল ভোটকেন্দ্ৰ আৰু ৪টা সহায়ক ভোটকেন্দ্ৰ। তিনিচুকীয়া, গোৱালপাৰা, বিশ্বনাথ আৰু শ্ৰীভূমিত স্থাপন হ’ব সহায়ক ভোটকেন্দ্ৰ। প্ৰত্য়েকটো ভোটকেন্দ্ৰত সুৰক্ষাৰ বাবে মোতায়েন কৰা হৈছে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱান।
ইয়াৰে গ্ৰামাঞ্চলত আছে ২৭৭১৫টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু নগৰাঞ্চলত আছে ৩৭৭৫টা ভোটগ্ৰহণ কেন্দ্ৰ। আজি অসমসহ পুডুচেৰী,কেৰালাতো আছে বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।














