আজি ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পুৱা ১০:৩০ বজাৰ লগে লগে শিক্ষাৰ্থীসকলে লাভ কৰিব এই ফলাফল। ইতিমধ্যে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদত উপস্থিত হৈছে সচিব নৰ নাৰায়ণৰ নাথ।
নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনটোতে এই ঘোষণা কৰে ডা: ৰণোজ পেগুৱে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল দিবলৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ড সাজু বুলি মন্তব্য কৰে ৰণোজ পেগুৱে।
উল্লেখযোগ্য যে ২০২৬ চনৰ ১০ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা। চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ মুঠ ৪,৩৮,৫৬৫গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল।
ফলাফল মুকলি হোৱাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলে অসম মাধ্যমিক শিক্ষা পৰিষদৰ (SEBA) চৰকাৰী ৱেবছাইট resultsassam.nic.in ত গৈ নিজৰ ফলাফল চাব পাৰিব।ইয়াৰ লগতে এইসমূহ ৱেৱছাইটযোগে চাব পাৰিব ফলাফল-
sebaonline.org
www.iresults.net
www.indiaresults.com
www.iresults.in
results.digilocker.gov.in
www.fastresults.in
www.results.shiksha
www.ndtv.com
www.assam.shiksha
https://ndtv.in, www.schools9.com
https://www.necareer.com
www.assamresult.in














