আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধ অন্ত পেলোৱাৰ উদ্দেশ্যে এই দুয়োখন দেশৰে পাকিস্তানৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হব। এই আলোচনাৰ বাবে ইৰাণৰ বহু বলিষ্ঠ নেতা ইছলামাবাদত উপস্থিত হৈছে। কিন্তু এই আলোচনা আৰম্ভ হোৱাৰ পূৰ্বে এক ডাঙৰ খবৰ পোহৰলৈ আহিছে।
ইৰাণৰ সংসদীয় অধ্যক্ষ মোদম্মদ বগেৰ গালিবাফে যেতিয়া পাকিস্তানলৈ ৰাওনা হৈছিল, তেতিয়া তেওঁ কেৱল এটা প্ৰতিনিধি দলৰ নেতা হিচাপে যোৱা নাছিল, বৰঞ্চ মিনাব আক্ৰমণৰ যন্ত্ৰণাও লগত লৈ গৈছিল। তেওঁৰ বিমানৰ ফটো এখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল, য’ত তেওঁ এই আক্ৰমণত নিহত হোৱা নিৰীহ শিশুসকলৰ ছবি চাই থকা দেখা গৈছিল।
গালিবাফে ইছলামাবাদলৈ সেই নীৰিহ শিশুকেইটিৰ তেজেৰে ৰাঙলী হৈ থকা স্কুল বেগ আৰু জোতাও নিজৰ লগত লৈ গৈছিল। গোটেই যাত্ৰাটোত তেওঁ এই বস্তুবোৰ সন্মুখত ৰাখি বাৰে বাৰে চাই আছিল। এই ছবিখনে স্পষ্টভাৱে প্ৰমাণ কৰে যে এই আক্ৰমণৰ যন্ত্ৰণা ইৰাণৰ বাবে কিমান গভীৰ।
উল্লেখ্য যে, ২৮ ফেব্ৰুৱাৰীত ইৰাণৰ মিনাব চহৰৰ এখন বালিকা বিদ্যালয়ত আক্ৰমণ হৈছিল, যত ১৬৮ গৰাকী ছাত্ৰীৰ প্ৰাণহানি হয়। এই আক্ৰমণ ইমানেই ভয়ানক আছিল যে, ইয়াৰ ছবি আৰু ভিডিঅ দেখি সমগ্ৰ বিশ্বৰ বুকু কঁপিছিল। যাৰ বাবে সকলোৱে এই আক্ৰমণক যথেষ্ট নিন্দা কৰিছিল।
ইৰাণে এই আক্ৰমণৰ বাবে আমেৰিকা আৰু ইজৰাইলক দোষী সাৱ্যস্ত কৰিছে। ইফালে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই অভিযোগ খাৰিজ কৰি কয় যে এই আক্ৰমণ ইৰাণৰ নিজৰ দোষৰ বাবে হোৱাৰ সম্ভাৱনা আছে, কিয়নো ইয়াৰ অস্ত্ৰ-শস্ত্ৰই লক্ষ্যত সঠিকভাৱে আঘাত কৰিব নোৱাৰিলে। আমেৰিকাই পূৰ্বে কৈছিল যে লক্ষ্য বিদ্যালয় নহয়, ওচৰৰ সামৰিক স্থাপন। এই সমগ্ৰ ঘটনাই স্পষ্টকৈ প্ৰমাণ কৰিছে যে পাকিস্তানত আগন্তুক শান্তি আলোচনা সহজ নহ’ব। মিনাব আক্ৰমণৰ স্মৃতি সতেজ হৈ আছে ইৰাণৰ বাবে। গতিকে এই আলোচনাই দুয়োখন দেশৰ মাজত উত্তেজনা লাঘৱ কৰিব নেকি, নে পুৰণি ঘাঁ এই শান্তিচুক্তিৰ আটাইতকৈ ডাঙৰ বাধা হৈ পৰিব নেকি, সেইটোতেই এতিয়া সকলোৰে দৃষ্টি নিৱদ্ধ হৈ আছে।














