আজি সমগ্ৰ বলীউডৰ সংগীত জগততেই শোকে বিৰাজে কৰিছে। কিয়নো আজি ৯২ বছৰ বয়সত ভাৰতীয় সংগীত জগতৰ কিংবদন্তি কণ্ঠশিল্পী আশা ভোছলেৰ দেহাৱসান ঘটে। ১১ এপ্ৰিলত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। মুম্বাইৰ ব্ৰিছ কেণ্ডী হাস্পতালত শেষ নিশ্বাস ত্যাগ কণ্ঠশিল্পীগৰাকীয়ে।
২০ টাতকৈও অধিক ভাৰতীয় আৰু বিদেশী ভাষাত ১২ হাজাৰৰো অধিক গীতত কণ্ঠদান কৰিছিল আশা ভোছলেয়ে। ভাৰতৰ লগতে বিদেশত লাইভ শ্ব’ কৰিছে কণ্ঠশিল্পীগৰাকীয়ে।সংগীতৰ প্ৰতি অৱদানৰ বাবে তেওঁ কেইবাটাও সন্মান আৰু বঁটা লাভ কৰিছে।কিংবদন্তি কণ্ঠশিল্পীগৰাকীক ২০০০ চনত দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল।২ ০০৮ চনত তেওঁক প্ৰদান কৰা হৈছিল ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ।২০১১ চনত গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছে তেওঁক সংগীত ইতিহাসৰ সৰ্বাধিক ৰেকৰ্ডিং কৰা শিল্পী হিচাপে স্বীকৃতি দিয়ে।
আশা ভোছলেক শেষবাৰৰ বাবে দেখা গৈছিল শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুনৰ বিয়াত, য’ত বলীউড আৰু ক্ৰীড়া জগতৰ বহু ডাঙৰ তাৰকাই অংশগ্ৰহণ কৰিছিল।
আশা ভোছলেৰ মৃত্যুৰ ফলত সংগীত জগত বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি বলীউডৰ শিল্পীলৈকে বহুতে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। ইয়াৰ উপৰিও আশা ভোছলেৰ পুত্ৰ আনন্দই সংবাদ মাধ্যমক জনাইছে যে কাইলৈ বিয়লি ৪ বজাত তেওঁৰ শেষ অনুষ্ঠান শিৱাজী পাৰ্কত সম্পন্ন কৰা হ’ব।













