চীনৰ উত্তৰ প্ৰদেশ ছানছিত কয়লা খনিত সংঘটিত হোৱা বৃহৎ গেছ বিস্ফোৰণত কমেও ৯০ জন লোকৰ প্ৰাণহানি। ২০০৯ চনৰ পিছত ইয়াক চীনৰ আটাইতকৈ ডাঙৰ আৰু মাৰাত্মক খনন দুৰ্ঘটনা বুলি গণ্য কৰা হয়।
চীনৰ সংবাদ মাধ্যমে ২২ মে’ত চিনয়ুয়ান কাউন্টিৰ লিউচেনিউ কয়লা খনিত সংঘটিত হয় এই দুৰ্ঘটনা। সেই সময়ত তাত ২৪৭ জন শ্ৰমিকে কাম কৰি আছিল। কৰ্পৰেট ডাটাবেছ কিচাচা অনুসৰি এই খনিটো চানচি টংঝৌ গ্ৰুপ লিউচেনিউ কয়লা উদ্যোগে পৰিচালনা কৰে। ২০১০ চনত প্ৰতিষ্ঠা হোৱা এই কোম্পানীটো শ্বান্চি টংঝৌ কয়লা ককিং গ্ৰুপৰ নিয়ন্ত্ৰণত আছে।
স্থানীয় জৰুৰীকালীন ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, দুৰ্ঘটনাৰ পিছতে বৃহৎ পৰিসৰৰ উদ্ধাৰ আৰু সাহায্য অভিযান চলি আছে। বিস্ফোৰণৰ কাৰণ সন্দৰ্ভতো তদন্ত আৰম্ভ কৰা হৈছে। চীনৰ সৰ্ববৃহৎ কয়লা খনন অঞ্চল হিচাপে গণ্য কৰা ছানচি প্ৰদেশত বৃহৎ সংখ্যক কয়লা খনি আছে।
আহতসকলৰ চিকিৎসা আৰু উদ্ধাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ অভাৱ হোৱাটো নিশ্চিত কৰিবলৈ চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে বিষয়াসকলক নিৰ্দেশ দিছে। তেওঁ দুৰ্ঘটনাটোৰ সম্পূৰ্ণ তদন্ত আৰু দায়ীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। চীনৰ প্ৰধানমন্ত্ৰী লি কেকিয়াঙেও সময়োপযোগী, সঠিক তথ্য প্ৰদান আৰু দায়িত্ব নিৰ্ধাৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
খবৰ অনুসৰি, খনি অভিযানৰ লগত জড়িত কোম্পানী বিষয়াসকলক আটক কৰি ৰখা হৈছে। ছানচি প্ৰদেশৰ পৰা ৭৫৫জন লোকেৰে গঠিত ৭টা উদ্ধাৰ আৰু চিকিৎসা দল ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে।
চীনৰ কয়লা খনিৰ সুৰক্ষাৰ মানদণ্ডক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে। কিন্তু ২০০০ চনৰ পিছত চৰকাৰে নিয়মাৱলী কটকটীয়া কৰাৰ ফলত দুৰ্ঘটনা হ্ৰাস পায়। ২০০৯ চনত হেইলংজিয়াং প্ৰদেশত কয়লা আৰু গেছৰ বিস্ফোৰণত ১০৮ জন লোকৰ মৃত্যু হৈছিল আৰু ১৩৩ জন আহত হৈছিল।






