ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে শেহতীয়াকৈ ঘোষণা কৰিছে যে, তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনৰ ওচৰত এটা পৰিকল্পনা উপস্থাপন কৰিব। এই পৰিকল্পনাৰ উদ্দেশ্য হৈছে ৰাছিয়াৰ সৈতে চলি থকা যুদ্ধৰ পৰিসমাপ্তি।
এই পৰিকল্পনাটো ছেপ্টেম্বৰত নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সময়ত উপস্থাপন কৰা হ’ব। জেলেনস্কিৰ এই পৰিকল্পনাক ৰাছিয়া-ইউক্ৰেইনত চলি থকা যুদ্ধৰ পৰিসমাপ্তি হ’ব বুলি বিশ্বাস কৰিছে বহুতে। এই ক্ষেত্ৰত আমেৰিকাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
ভলোডিমিৰ জেলেনস্কিয়ে যুদ্ধৰ সমাপ্তিৰ বাবে কেইবাটাও পৰ্যায়ৰ পৰিকল্পনা কৰিছে। দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি সন্দৰ্ভত কেইবাটাও স্তৰৰ আলোচনা হৈছিল যদিও এতিয়ালৈকে কোনো সিদ্ধান্তত উপনীত হোৱা নাই কোনো এখন দেশেই। এনে পৰিস্থিতিত, জেলেনস্কিৰ এই পদক্ষেপক নিৰ্ণায়ক বুলি গণ্য কৰিব পাৰি।
জেলেনস্কিৰ কি পৰিকল্পনা:
সামৰিক পদক্ষেপ: এই পৰিকল্পনাৰ প্ৰথম অংশ হৈছে ৰাছিয়াৰ কুৰ্স্ক অঞ্চলত শেহতীয়া সামৰিক পদক্ষেপ। জেলেনস্কিয়ে বিশ্বাস কৰে যে, এই কাৰ্যই উক্ৰেইনৰ বিজয়ৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।
গোলকীয় নিৰাপত্তাৰ ক্ষেত্ৰত ভূমিকা: দ্বিতীয় অংশত, জেলেনস্কিয়ে কৈছে যে, বিশ্বব্যাপী নিৰাপত্তা স্থাপত্যত ইউক্ৰেইনৰ ভূমিকা গুৰুত্বপূৰ্ণ। তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অন্যান্য মিত্ৰশক্তিৰ সৈতে একেলগে এই ভূমিকা আৰু অধিক শক্তিশালী কৰিব বিচাৰে।
কূটনৈতিক চাপ: তৃতীয় অংশটো হ’ল ৰাছিয়াৰ ওপৰত কূটনৈতিক হেঁচা প্ৰয়োগ কৰি তেওঁলোকক যুদ্ধ সমাপ্ত কৰিবলৈ বাধ্য কৰাৰ বাবে এক শক্তিশালী পেকেজ সৃষ্টি কৰা।
অৰ্থনৈতিক পদক্ষেপ: অন্তিম অংশটো হৈছে অৰ্থনৈতিক পদক্ষেপ, য’ত জেলেনস্কিয়ে কৈছে যে, এই পৰিকল্পনাৰ সমাপ্তি আলোচনাৰ জৰিয়তে হ’ব, কিন্তু ইয়াৰ বাবে কিয়েভ এক শক্তিশালী স্থিতিত থাকিব লাগিব।