৫০ বছৰ পিছত পুৰুষৰ শৰীৰে যথেষ্ট সমস্যাৰ সৃষ্টি কৰে। ৫০ বছৰ পিছত প্ৰায়সমূহ পুৰুষৰ ক্ষেত্ৰত দেখা দিয়া এক সমস্যা হৈছে প্ৰষ্টেটৰ সমস্যা। প্ৰষ্টেট হৈছে এক গ্ৰন্থি যি পুৰুষৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। বয়স বৃদ্ধি হোৱাৰ লগে লগে ই বাঢ়িবলৈ আৰম্ভ কৰে আৰু ইয়াৰ ফলত প্ৰষ্টেটত কৰ্কট ৰোগ হ’ব পাৰে।
প্ৰষ্টেট বৃদ্ধি হোৱাৰ ফলত পুৰুষৰ প্ৰস্ৰাৱ, মূত্ৰাশয় বা বৃক্কৰ সৈতে সম্পৰ্কিত সমস্যা আৰম্ভ হয়। এই ৰোগ প্ৰশমন কৰাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা প্ৰতিবেদনত প্ৰতিৰোধমূলক ব্যৱস্থা উল্লেখ কৰা হৈছে।
বৰ্ধিত প্ৰষ্টেটৰ ফলত সঘনাই প্ৰস্ৰাৱ হয় আৰু প্ৰস্ৰাৱ কৰাত অসুবিধা হয়। কিছুমান পুৰুষৰ ক্ষেত্ৰত এই লক্ষণবোৰ কম হয় আৰু তেওঁক চিকিৎসাৰ প্ৰয়োজন নহয়।
আনহাতে, বয়স বৃদ্ধি হোৱাৰ লগে লগে শৰীৰত হৰমনৰ ভাৰসাম্য সলনি হয়। যাৰফলত পুৰুষৰ প্ৰষ্টেট গ্ৰন্থি বৃদ্ধি হয়।
বৰ্ধিত প্ৰষ্টেটৰ চিকিৎসা আপোনাৰ লক্ষণবোৰ কিমান গুৰুতৰ তাৰ ওপৰত নিৰ্ভৰ কৰিব। যদি আপোনাৰ লক্ষণবোৰ মৃদু হয়, আপোনাক তাৎক্ষণিক চিকিৎসাৰ প্ৰয়োজন নাই। কিন্তু এই বিষয়ে চিকিৎসকৰ সৈতে কথা পতাটো গুৰুত্বপূৰ্ণ।
যদিহে এই ৰোগৰ পৰা হাত সাৰিব বিচাৰিছে তেন্তে ৫০ বছৰ বয়সৰ পিছত আপুনি এইসমূহ নিয়ম মানি চলিব লাগিব।
১. সুৰা আৰু কাৰ্বনেটেড পানীয় কমকৈ খাব লাগিব।
২. চেনী কমকৈ খাব লাগিব।
৩.দৈনন্দিন ৰুটিনত ব্যায়াম অন্তৰ্ভুক্ত কৰাটো নিশ্চিত কৰিব।
৪. জাৰ্নেল অফ নিউট্ৰিছনৰ মতে প্ৰষ্টেটৰ আকাৰ বৃদ্ধি কৰাৰ বাবে ফুল ক্ৰীম গাখীৰ দায়বদ্ধ।
৫. সংপৃক্ত চৰ্বিযুক্ত খাদ্য যেনে বাৰ্গাৰ বা সংসাধিত খাদ্য গ্ৰহণ নকৰিব।












