ছাত্ৰ আন্দোলনৰ হিংসাত্মক প্ৰতিবাদৰ পিছত বাংলাদেশৰ পৰিস্থিতি কিছু পৰিমানে শান্ত হৈছে যদিও এইবাৰ দেশখনত আন এক নতুন বিষয়ক লৈ বিতৰ্কৰ সূত্ৰপাত ঘটিছে। এইবাৰ বাংলাদেশত জাতীয় সংগীত ‘আমাৰ সোনাৰ বাংলা’ক লৈ হুলস্থুলৰ সৃষ্টি হৈছে।
দৰাচলতে প্ৰাক্তন জামাত-এ-ইছলামী আমিৰ গুলাম আজমৰ পুত্ৰ আব্দুল্লাহিল আমান আজমীয়ে বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত আৰু সংবিধানৰ পৰিৱৰ্তনৰ দাবী উত্থাপন কৰিছে।
আজমীয়ে কয়, ‘ৰাষ্ট্ৰীয় সংগীতৰ বিষয়টো এই চৰকাৰৰ ওপৰত এৰি দিছো। আমাৰ বৰ্তমানৰ ৰাষ্ট্ৰীয় সংগীত আমাৰ স্বাধীন বাংলাদেশৰ অস্তিত্বৰ বিপৰীত। বংগ বিভাজন আৰু দুটা বংগৰ একত্ৰীকৰণৰ সময়ক সূচায়। দুয়োটা বংগক একত্ৰিত কৰিবলৈ সৃষ্টি কৰা ৰাষ্ট্ৰীয় সংগীত কেনেকৈ স্বাধীন বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত হ’ব পাৰে?’
আজমীয়ে আৰু কয় যে ভাৰতে ১৯৭১ চনত এই ৰাষ্ট্ৰীয় সংগীত আমাৰ ওপৰত জাপি দিছিল। নতুন ৰাষ্ট্ৰীয় সংগীত বাছনি কৰিবলৈ চৰকাৰে নতুন আয়োগ গঠন কৰিব লাগে।
উল্লেখ্য যে বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত ৰচনা কৰিছিল বিখ্যাত কবি-সাহিত্যিক ৰবীন্দ্ৰনাথ ঠাকুৰে।
আজমীৰ এই দাবীৰ পিছতেই বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ ধৰ্মীয় পৰিক্ৰমা উপদেষ্টা আবুল ফৈজ মুহম্মদ খালিদ হুছেইনে শনিবাৰে কয় যে দেশৰ ৰাষ্ট্ৰীয় সংগীত সলনি কৰাৰ কোনো পৰিকল্পনা নাই। অন্তৱৰ্তীকালীন চৰকাৰে বিতৰ্কৰ সৃষ্টিৰ বাবে একো নকৰে আৰু লগতে কয় যে আমি সকলোৰে সহযোগত এখন সুন্দৰ বাংলাদেশ গঢ়িব বিচাৰো।