Saturday, July 5, 2025
27 °c
Guwahati
27 ° Sun
28 ° Mon
Language -
অসমীয়া
  • English

Fathers Day Special

দেউতাবোৰ সঁচাই আচৰিত। ত্যাগৰ আন এটা প্ৰতীক দেউতাসকল। পিতৃ দিৱসৰ দিনাই সকলো পিতৃৰ বাবে আজিৰ এই লিখনি। খাবলৈ মন থাকে কিন্তু নাখায়। পকেটত থকা টকাখিনি খৰছ কৰাৰ আগতে এশবাৰ চিন্তা কৰে। মিছা কথা কয় দেউতাই। মই খালো…এয়া তোৰ বাবে আনিছোঁ। দিস্তা বহীটো কাইলৈ কিনিব লাগিব গতিকে আজি কলিতাৰ দোকানত লাল চাহকে খাও। দেউতাহঁতৰ চিন্তা এয়া সন্তানক লৈ। নিজেই ৪০টকীয়া স্পৰ্টিংটো পিন্ধি পুত্ৰ বা কন্যালৈ ৫০০টকীয়া কাপোৰ অনা লোকজনেই দেউতা। নিজেই ৰুটী দুখন খাই সন্ধিয়া এপোৱা আপেল, এপোৱা মাছ লৈ ঘৰলৈ অহা লোকজনেই হৈছে দেউতা। জন্মদিনটোৰ বাবে এমাহ আগৰ পৰাই শৰাই এখন দিবলৈ ধন জমা কৰা লোকজনেই হৈছে দেউতা। অটত সন্তানক তুলি দি নিজেই খোজকাঢ়ি কামলৈ যোৱা ব্যক্তিজনেই হৈছে দেউতা। কিবা এটা কষ্ট পালে তৰা নৰাকৈ দৌৰি অহা লোকজনেই হৈছে দেউতা। পুত্ৰ-কন্যাৰ কিবা এটা বেমাৰ হ’লে আটাইতকৈ নামী-দামী হাস্পতালখনত থ’বলৈ মন যোৱা লোকজনেই হৈছে দেউতা। কিবা দোষত দুটা কোব মাৰি দুখতে ভাত নোখোৱা ব্যক্তিজনেই হৈছে দেউতা। কিয় ইমান ত্যাগ কৰে এই দেউতা নামৰ মানুহজনে। সন্তান যদি কিবা এটা ভাল কৰি দেখুৱাই আটাইতকৈ সুখী হোৱা ব্যক্তিজনেই হৈছে দেউতা। যদিও জীৱন যুদ্ধত সন্তান পৰাস্ত হৈছে সান্তনা দিয়া প্ৰথমজন ব্যক্তিয়েই হৈছে দেউতা। পৰিৱেশ পৰিস্থিতিৰ সৈতে চলিবলৈ শিকোৱা প্ৰথমগৰাকী হেডমাষ্টৰ হৈছে দেউতা। ওৰে দিনটো কাম কৰি কিবা এটা ভাল বস্তু সন্তানলৈ নিয়াৰ বাবে হেঁপাহ কৰা লোকজনেই হৈছে দেউতা। মাতৃৰ মৰমৰ কোবৰ খোৱাৰ অভিযোগ দিয়াৰ পিছতে মৰমৰ গৰজনি দিয়া ব্যক্তিজনেই হৈছে দেউতা। দেউতা আছে যদি বজাৰৰ সকলোবোৰ পুতলাই মোৰ। দেউতা আছে যদি মীনা বজাৰৰ সেই আইচক্ৰীমবোৰো মোৰ। দেউতা আছে যদি কলিতা দাৰ দোকানত পোৱা লজন বোৰো মোৰ। লাখ লাখ সমস্যা, কিন্তু সমাধান এটাই, দেউতা। হাজাৰ হাজাৰ সমস্যা থাকিলেও কান্ধত হাত থৈ এবাৰ সোধে….চিন্তা নকৰিবি মই আছোঁ। এয়াই দেউতা। সঁচাই আচৰিত দেউতাবোৰ। নিজৰ ৰুচী পাহৰি যোৱা সন্তানৰ ৰুচীৰ বিষয়ে মনত ৰখা লোকজনেই হৈছে দেউতা। এইটো খাই সি বেয়া পায়, এইটো তাই নাখায় দিয়া বুলি বাক্যবোৰ কৈ সন্তানে ভালপোৱা বস্তুবোৰ লৈ অহা লোকজনেই হৈছে দেউতা। আপেল খাই ভালপোৱা দেউতাই নিজেই আপেল নাখাই সন্তানৰ বাবে লৈ যোৱা কৰ্ম কৰা লোকজনেই হৈছে দেউতা।

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist