শীতকাল আৰম্ভ হোৱাৰ লগে লগে ছালখন শুকান হ’বলৈ আৰম্ভ কৰে। এই সমস্যাৰ বাবে বহু লোকে অশান্তিত ভোগে।
শুকান বতাহৰ বাবে ছালৰ আৰ্দ্ৰতা কমিবলৈ আৰম্ভ কৰে। যাৰ বাবে এই সময়ত ছাল শুকান হোৱাৰ বাহিৰেও ছালত খজুৱতি, আঁচোৰ, ৰঙা পৰা আদি লক্ষণ দেখা দিয়ে। গতিকে বতৰ সলনি হ’লে স্বাস্থ্যৰ লগতে ছালৰ যত্নৰ প্ৰতিও গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়।
অক্টোবৰ মাহটো প্ৰায় পাৰ হৈ গৈছে আৰু এতিয়া পুৱা আৰু গধূলিৰ ঠাণ্ডা আৰম্ভ হৈছে। এই সময়ত ছাল শুকান হোৱাটো যথেষ্ট সাধাৰণ কথা। যিসকল লোকৰ শুকান ছালৰ সমস্যা আছে, এই বতৰত তেওঁলোকৰ এই সমস্যা আৰু অধিক বৃদ্ধি পায়। এই ঋতুত ছালৰ যত্ন লোৱাৰ সঠিক উপায়ৰ বিষয়ে বিশেষজ্ঞৰ পৰা জানি লওঁ আহক।
গাজিয়াবাদৰ ছালৰ বিশেষজ্ঞ ডাঃ সৌম্য সাচদেৱাই কয় যে, এইকেইটা পদ্ধতি অৱলম্বন কৰিব লাগিব-
- পৰ্যাপ্ত পানী
পানী আমাৰ শৰীৰৰ বাবে অতিকৈ প্ৰয়োজনীয়। শৰীৰটোক হাইড্ৰেটেত কৰি ৰখাটো আমাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ। কিন্তু বহুতে শীতকালত পানী কমকৈ খায়, যাৰ ফলত আমাৰ দেহত ডিহাইড্ৰেচনৰ সমস্যা হ’ব পাৰে যিয়ে ছালত প্ৰভাৱ পেলায়। গতিকে ঋতু যিয়েই নহওক কিয়, ছালক সতেজ কৰি ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণৰ পানী সেৱন কৰিব লাগে।
- ময়শ্ব’ৰাইজাৰ
যদি বতৰৰ পৰিৱৰ্তনৰ বাবে আমাৰ ছাল শুকান হ’বলৈ আৰম্ভ কৰে, তেন্তে দিনটোত ২ৰ পৰা ৩ বাৰলৈ ময়শ্ব’ৰাইজাৰ ব্যৱহাৰ কৰিব লাগে। লগতে আমাৰ ছালৰ প্ৰকাৰ আৰু ঋতু অনুসৰি ময়শ্ব’ৰাইজাৰ বাছি ল’ব লাগে। এনে কৰাটো আমাৰ বাবে অতিকৈ উপকাৰী। ৰাতিপুৱা গা ধুই আৰু নিশা শোৱাৰ পূৰ্বে মুখখন ধুই ময়শ্ব’ৰাইজাৰ লগাব লাগে। কেৱল মুখতে নহয়, হাত-ভৰিতো ময়শ্ব’ৰাইজাৰ লগাব লাগে।
- অতি গৰম পানীৰে গা ধুব নালাগে
বহুতে শীতকালত অতি গৰম পানীৰে গা ধুবলৈ ভাল পায়। কিন্তু ইয়াৰ বাবে শুকান ছালৰ সমস্যা হ’ব পাৰে। গতিকে ছালখন সতেজ কৰি ৰাখিবলৈ অতি গৰম পানীৰ পৰিৱৰ্তে কুহুমীয়া পানীৰে গা ধুবলৈ চেষ্টা কৰিব লাগে। ইয়াৰ বাহিৰেও গা শুকুৱাবলৈ কোমল টাৱেল ব্যৱহাৰ কৰাৰ লগতে টাৱেলখন ছালত বেছিকৈ ঘঁহি দিব নালাগে।
- মুখত চাবোন লগাব নালাগে
চাবোনত থকা ৰাসায়নিক পদাৰ্থৰ বাবে ছালখন শুকান হোৱাৰ সম্ভাৱনা বেছি। আনহাতে মুখৰ ছালখন বহুত কোমল। গতিকে মনত ৰখা উচিত যে, মুখত চাবোনৰ সলনি মৃদু ফেচ ৱাছ ব্যৱহাৰ কৰিব লাগে।