শনিবাৰে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা বিজেপিয়ে প্ৰকাশ কৰিছে। এই তালিকাত ২২ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে।
বিজেপিয়ে প্ৰথমখন তালিকাত ৯৯ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল। আজি প্ৰকাশ পোৱা তালিকা অনুসৰি এই পৰ্যন্ত দলটোৱে ১২১ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।
বিজেপিৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা প্ৰকাশ পোৱা এই দ্বিতীয়খন তালিকাত দলটোৱে মধ্য নাচিকৰ পৰা দেৱানী সুহাছ ফৰাণ্ডেক মনোনীত কৰাৰ বিপৰীতে দলটোৱে ধূলে গ্ৰাম্য আসনৰ পৰা ৰাম ভদনেৰ ওপৰত আস্থা প্ৰকাশ কৰিছে।
উল্লেখ্য যে, মহাৰাষ্ট্ৰত অহা ২০ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। এটা পৰ্যায়তে হ’বলগীয়া এই নিৰ্বাচনৰ ফলাফল ২৩ নৱেম্বৰত প্ৰকাশ পাব।
মহাৰাষ্ট্ৰ নিৰ্বাচনৰ বাবে ২২ অক্টোবৰত জাৰি কৰা হৈছে অধিসূচনা। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২৯ অক্টোবৰ। আনহাতে মনোনয়ন পৰীক্ষা কৰা হ’ব ৩০ অক্টোবৰত আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ৪ নৱেম্বৰ।