ইজৰাইলী সেনাই শনিবাৰে ইৰাণত প্ৰৱেশ কৰি বৃহৎ পৰিসৰৰ আক্ৰমণ চলোৱা বুলি দাবী কৰে। এই সন্দৰ্ভত দুয়োপক্ষৰ নিজস্ব যুক্তি আছে। ইফালে খবৰ অনুসৰি, ইজৰাইলে ইৰাণৰ এটা পাৰমাণৱিক ঘাটিকো লক্ষ্য কৰি লৈছিল।
তেহৰাণৰ দক্ষিণ-পূব দিশত থকা এটা গোপন সামৰিক ঘাটিৰ সুবিধাসমূহ ক্ষতিগ্ৰস্ত হয়। এগৰাকী বিশেষজ্ঞই নিজৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে, এটা সময় আছিল যেতিয়া এই ঘাটিটো ইৰাণৰ পাৰমাণৱিক অস্ত্ৰ কাৰ্যসূচীৰ সৈতে জড়িত আছিল। ইজৰাইলে আমেৰিকাক প্ৰতিশ্ৰুতি দিছিল যে, ইৰাণৰ পৰা নিশ্চিতভাৱে প্ৰতিশোধ ল’ব যদিও, ইয়াৰ পাৰমাণৱিক স্থানত কিন্তু আক্ৰমণ নকৰে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে হোৱা বৈঠকত বেঞ্জামিন নেতান্যায়াহুৱে ইৰাণৰ তৈল উদ্যোগ আৰু পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি লোৱা নহ’ব বুলি আশ্বাস দিছিল। প্ৰতিবেদনত প্ৰকাশ পোৱা গৈছে যে, ইৰাণেও ইয়াৰ পূৰ্বে এই স্থানত বেলিষ্টিক মিছাইল কাৰ্যসূচী চলাই আহিছে।
ইৰাণে সদায়েই কৈ আহিছে যে, তেওঁলোকৰ পাৰমাণৱিক কাৰ্যসূচী শান্তিপূৰ্ণ। অৱশ্যে আই এ ই একে ধৰি পশ্চিমীয়া দেশসমূহে বিশ্বাস কৰে যে, তেহৰাণ সক্ৰিয়ভাৱে এই পাৰমাণৱিক কাৰ্যসূচীত জড়িত। ইজৰাইলৰ এই আক্ৰমণত ইৰাণী সেনাৰ চাৰিজন জোৱান নিহত হোৱাৰ খবৰ পোৱা গৈছে।
ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই এদিন পূৰ্বে কৈছিল যে, ইজৰাইলৰ আক্ৰমণক অতিৰঞ্জিত বা তুচ্ছজ্ঞান কৰা উচিত নহয়। ইজৰাইলৰ ওপৰত প্ৰতিশোধমূলক আক্ৰমণৰ কথা কৈছিল। আনহাতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুৱে এই আক্ৰমণ সফল ঘোষণা কৰি ইৰাণৰ সেনাবাহিনীৰ গুৰুতৰ ক্ষতিসাধন কৰা বুলিও কৈছিল।
ইজৰাইল আৰু ইৰাণৰ মাজত কিয় সংঘাতৰ সৃষ্টি হ’ল?
ইৰাণৰ ৰাজধানী তেহৰাণত হামাছৰ জ্যেষ্ঠ নেতা ইছমাইল হানিয়াক হত্যা কৰাৰ লগে লগে দুয়োখন দেশৰ মাজত জটিলতা আহি পৰে। তেহৰাণলৈ আনুষ্ঠানিক ভ্ৰমণলৈ গৈ থকা হানিয়াৰ হোটেলত বোমা বিস্ফোৰণত নিহত হয়। ইয়াৰ পিছত ইৰাণে এই হত্যাকাণ্ডৰ বাবে ইজৰাইলক জগৰীয়া কৰি ইয়াৰ ওপৰত মিছাইল আক্ৰমণ চলায়। এই আক্ৰমণৰ বাবেই ইজৰাইলে যোৱা শনিবাৰে ইৰাণক লক্ষ্য কৰি লৈছিল।