প্ৰত্যেক বছৰে ৰামনগৰীত দীপাৱলী উৎসৱ পালন কৰা হয়। লাখ লাখ বন্তি জ্বলাই সৃষ্টি কৰা হয় অভিলেখ। ভগবান ৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছতেই এইবাৰ অযোধ্যাৰ দীপাৱলীত দেখিবলৈ পোৱা যাব এক ব্যতিক্ৰমী ৰূপ।
২৮ লাখ চাকি জ্বলাই এক নতুন বিশ্ব অভিলেখ গঢ়াৰ বাবে সাজু হৈছে অযোধ্যাৱাসী। চাকি আৰু আতচবাজীৰ পোহৰত জিলিকি উঠিব ৰামনগৰী। বিশাল কাৰ্যসূচীৰে দীপোৎসৱৰ প্ৰস্তুতি চলিছে ৰাম জন্মভূমি অযোধ্যাত।
২৮ অক্টোবৰৰ পৰাই আৰম্ভ হৈছে সাংস্কৃতিক অনুষ্ঠান। সৰযু ঘাটৰ পৰা মঠ আৰু মন্দিৰলৈকে চাকিৰ পোহৰেৰে আলোকিত হৈ পৰিছে সমগ্ৰ অযোধ্যা। ৫৫টা ঘাটত ২৮ লাখ চাকি সাজু কৰি তোলা হৈছে। ৩০ অক্টোবৰৰ সন্ধিয়া এই ২৮ লাখ চাকিৰ জৰিয়তে এক নতুন বিশ্ব অভিলেখ গঢ়িবলৈ প্ৰস্তুতি চলোৱা হৈছে।
উল্লেখ্য যে, এইবাৰো দীপোৎসৱত ২৫ লাখ চাকি জ্বলাই এক নতুন বিশ্ব অভিলেখ গঢ়াৰ বাবে সাজু হৈছে অযোধ্যা। অৱধ বিশ্ববিদ্যালয়ৰ অধীনৰ বিভিন্ন মহাবিদ্যালয় আৰু আন্তঃমহাবিদ্যালয়ৰ ৩০ হাজাৰ স্বেচ্ছাসেৱকে প্ৰখৰ ৰ’দকো নেওচি চাকিবোৰ সাজু কৰাৰ কামত নিয়োজিত হৈ পৰিছে।
ইতিমধ্যে ৰাম কি পেইড়িত চাকি সাজু কৰাৰ কাম সম্পূৰ্ণ হৈছে।ৰামপথ সজ্জিত কৰা হৈছে ফুলেৰে।কলি যুগত ত্ৰেতা যুগৰ পৰিৱেশ সৃষ্টি কৰাৰ সংকল্পৰে সমগ্ৰ অযোধ্যা ৰঙীন পোহৰেৰে আলোকিত কৰা হৈছে ।
ইফালে নোডেল বিষয়া এছ এছ মিশ্ৰাই কয় যে, সকলো ঘাটতে চাকি সাজু কৰাৰ কাম সম্পূৰ্ণ হৈছে। ভগৱান শ্ৰীৰামৰ আগমনৰ লগে লগে, প্ৰায় ৩০,০০০ স্বেচ্ছাসেৱকে ৩০ অক্টোবৰত অৰ্থাৎ এই চাকিবোৰ জ্বলোৱা কামত নিয়োজিত হ’ব। সকলো শিক্ষাৰ্থীৰ মাজত যথেষ্ট উৎসাহ দেখা গৈছে। সমগ্ৰ অযোধ্যাৰ বাসিন্দাসকল অতি উৎসাহিত হৈ আছে।