প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিত্তীয় উপদেষ্টা পৰিষদৰ অধ্যক্ষ তথা বিশিষ্ট অৰ্থনীতিবিদ বিবেক অৱৰয়ৰ পৰলোকপ্ৰাপ্তি ঘটিছে। তেওঁৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৬৯ বছৰ। এইমছত চিকিৎসাধীন হৈ থকা অৱস্থাত আজি পুৱা তেওঁৰ মৃত্যু হয়।
ৰামকৃষ্ণ মিছন স্কুল (নৰেন্দ্ৰপুৰ), প্ৰেছিডেন্সি কলেজ (কলিকতা), দিল্লী স্কুল অৱ ইকনমিক্স আৰু ট্ৰিনিটি কলেজ (কেম্ব্ৰিজ)ৰ পৰা দেৱৰয়ে শিক্ষা গ্ৰহণ কৰিছিল।
তেওঁ প্ৰেছিডেন্সি কলেজ (কলিকতা), গোখলে ইনষ্টিটিউট অৱ পলিটিক্স এণ্ড ইকনমিক্স (পুনে) আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ ফৰেইন ট্ৰেড (দিল্লী)ত কাম কৰিছিল।
আইনী সংস্কাৰৰ ওপৰত বিত্ত মন্ত্ৰালয়ৰ ইউএনডিপি প্ৰকল্পৰ সঞ্চালক হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৯ চনৰ ৫ জুনলৈকে তেওঁ নিটি আয়োগৰ সদস্যও আছিল।
তেওঁ বহুতো গ্ৰন্থ, গৱেষণা পত্ৰ আৰু জনপ্ৰিয় প্ৰবন্ধ ৰচনা বা সম্পাদনা কৰিছিল। তেখেতে কেইবাখনো কাকতৰ পৰামৰ্শদাতা বা অৱদানকাৰী সম্পাদক হিচাপেও কাম কৰি আহিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেৱৰয়ৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁক এজন মহান পণ্ডিত আখ্যা দিয়ে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত তেওঁ কয়, ‘ড০ বিবেক দেৱৰয় আছিল এজন মহান পণ্ডিত, অৰ্থনীতি, ইতিহাস, সংস্কৃতি, ৰাজনীতি, আধ্যাত্মিকতা আৰু অন্যান্য ক্ষেত্ৰত তেওঁৰ দখল আছিল। তেওঁৰ কৰ্মৰ যোগেদি তেওঁ ভাৰতৰ বৌদ্ধিক পৰিৱেশত এক অমলিন চিন ৰাখিছিল।
উল্লেখ্য যে, ৰামায়ণ, মহাভাৰত আদি ইংৰাজীলৈ অনুবাদ কৰা বিবেক অৱৰয়ক ২০১৬ চনত তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল।