অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ঝাৰখণ্ডৰ জেএমএম নেতৃত্বাধীন মিত্ৰজোঁটক “অনুপ্ৰৱেশকাৰীক সুৰক্ষা” দিয়াৰ অভিযোগ উত্থাপন কৰি এইবাৰৰ বিধানসভা নিৰ্বাচন অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ আৰু হিন্দুসকলক সুৰক্ষা প্ৰদান কৰাৰ নিৰ্বাচন।
ভাৰতীয় জনতা পাৰ্টিৰ ঝাৰখণ্ড নিৰ্বাচনৰ সহ-প্ৰভাৰী শৰ্মাই ‘সনাতন’ক বচাবলৈ হিন্দুসকলক একত্ৰিত হৈ থাকিবলৈ আহ্বান জনায়।
পালামুৰ পাংকিত বিজেপিৰ সমাৱেশত ভাষণ দি শৰ্মাই কয়, ‘এই নিৰ্বাচন ঝাৰখণ্ডৰ পৰা অনুপ্ৰৱেশকাৰীক খেদি পঠিয়াই হিন্দুক বচোৱাৰ নিৰ্বাচন। আমি হিন্দু, আমি হিন্দু আছিলো আৰু আমি হিন্দু হৈ থাকিম…সনাতনক বচাবলৈ একত্ৰিত হৈ থিয় দিয়াৰ সময় আহি পৰিছে’।
তেওঁ লগতে দাবী কৰে যে ঝাৰখণ্ডৰ বহু ঠাইত হিন্দুৰ জনসংখ্যা হ্ৰাস পাইছে। শৰ্মাই কয়, ‘হিন্দুসকলে ভাৰতক সুৰক্ষা দিছে আৰু ‘জয় শ্ৰী ৰাম’ শ্ল’গান দিয়াৰ বাবে সকলোৱে একত্ৰিত হৈ থকা উচিত’।
উল্লেখ্য যে, ঝাৰখণ্ডৰ ৮১খন আসনৰ বাবে ২৩ নৱেম্বৰত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন।