ভেৰিকোজ ভেইন বা শিৰামূৰি হৈছে ডিঙি, পিঠি বা ভৰিৰ সিৰাত হঠাচে হোৱা সংকোচন। শৰীৰৰ যিকোনো ঠাইতে ভেৰিকোজ ভেইন হ’ব পাৰে, কিন্তু ভৰিত এই ৰোগ বেছিকৈ দেখা যায়।
শিৰামূৰিক কোনো গুৰুতৰ চিকিৎসাজনিত অৱস্থা বুলি গণ্য কৰা নহয়। কিন্তু, ইয়ো এটা সময়ত অস্বস্তিকৰ হ’ব পাৰে আৰু অধিক গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰু সেইবোৰ অতি লক্ষ্যণীয় হৈ উঠিব পাৰে।
কিহৰ ফলত ভেৰিকোজ ভেইন হয়?
শিৰাত ৰক্তচাপ বৃদ্ধি পোৱাৰ ফলত ভেৰিকোজ ভেইন হয়। ছালৰ পৃষ্ঠৰ ওচৰৰ শিৰাত ভেৰিকোজ ভেইন হয়।
শিৰাত থকা একমুখী ভালভৰ দ্বাৰা তেজ হৃদযন্ত্ৰৰ ফালে গতি কৰে। ভালভবোৰ দুৰ্বল বা ক্ষতিগ্ৰস্ত হ’লে শিৰাত তেজ জমা হ’ব পাৰে। ইয়াৰ ফলত শিৰাবোৰ ডাঙৰ হৈ যায়। দীৰ্ঘ সময় বহি বা থিয় হৈ থাকিলে ভৰিৰ শিৰাত তেজ জমা হৈ শিৰাৰ ভিতৰত চাপ বৃদ্ধি কৰে। বৰ্ধিত চাপৰ বাবে শিৰাবোৰ টানিব পাৰে। ইয়াৰ ফলত শিৰাৰ বেৰ দুৰ্বল হৈ ভালভৰ ক্ষতিসাধন হ’ব পাৰে।
ভেৰিকোজ ভেইনৰ বিপদজনক কাৰকসমূহ কি কি?
কিছুমান পৰিয়ালত (উত্তৰাধিকাৰ) ভেৰিকোজ ভেইন বেছি হ’ব পাৰে। শিৰাত চাপ বৃদ্ধি হ’লে ভেৰিকোজ ভেইন হ’ব পাৰে। চাপ বৃদ্ধি কৰিব পৰা কাৰকসমূহ হ’ল-
- অতিৰিক্ত ওজন বা মেদবহুলতা
- বয়স বৃদ্ধি
- বহুসময় ধৰি নিষ্ক্ৰিয় হৈ থকা
- ভৰিত আঘাত
- গৰ্ভাৱস্থা
- ধূমপান কৰা
- গৰ্ভনিৰোধক পিল গ্ৰহণ কৰা
শৰীৰত ছডিয়াম, পটাছিয়াম বা কেলচিয়ামৰ অভাৱেও ভেৰিকোজ ভেইনৰ সৃষ্টি কৰিব পাৰে। শৰীৰত আইৰণ, হিম’গ্লবিন আৰু পানীৰ অভাৱেও এই সমস্যাৰ সৃষ্টি কৰে। যদি শুই থকাৰ সময়ত শিৰামূৰি হয়, তেন্তে এই ৫টা প্ৰতিকাৰ কৰা উচিত-
১) ভৰি দুখন লাহে লাহে টানি দিয়া: শিৰামূৰি হ’লে ভৰিখন লাহে লাহে টানি দিব লাগে। ইয়াৰ ফলত স্নায়ু শিথিল হোৱাত সহায় হয় আৰু বিষ কমি যায়।
২.গৰম বা ঠাণ্ডা প্ৰয়োগ: আক্ৰান্ত অংশত গৰম পানী বা আইচবেগ ব্যৱহাৰ কৰিলে ভৰি ফুলা বা বিষ কমি যাব পাৰে। গৰম পানীৰ বটল বা শীতল কাপোৰো ব্যৱহাৰ কৰিব পাৰে।
৩.ষ্ট্ৰেচিং বা ব্যায়াম: শুই উঠাৰ আগতে যেতিয়া স্নায়ু টান হৈ যায়, তেতিয়া কিছুমান ষ্ট্ৰেচিং বা ব্যায়াম কৰা উচিত। যিয়ে শিৰা মূৰিৰ সমস্যা যথেষ্ট কমি যাব পাৰে।
৪) অতিমাত্ৰা পানী সেৱন: শৰীৰত পানীৰ অভাৱতো ভেৰিকোজ ভেইনৰ সমস্যা হ’ব পাৰে। গতিকে পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে। নাৰিকল পানী সেৱন কৰিলেও উপকাৰী হ’ব।
৫) জিৰণি লোৱা: জিৰণি লোৱা আৰু ভৰি দুখন ওপৰলৈ তুলি ৰখাৰ ফলত স্নায়ু শিথিল হোৱাত সহায়ক হয়।