এগৰাকী ৭৫ বছৰীয়া বৃদ্ধৰ কু-কৰ্মই চকু কঁপালত তুলিছে সকলোৰে।আশ্ৰমলৈ যোৱা দুগৰাকী কিশোৰীৰ সৈতে অপকৰ্ম সংঘটিত কৰিলে এগৰাকী ৭৫ বছৰীয়া বৃদ্ধই।
এই ঘটনা উত্তৰ প্ৰদেশৰ বুলন্দচহৰৰ ৰাধা স্বামী সৎসংগ ব্যাস আশ্ৰমৰ।বৃদ্ধগৰাকীৰ নাম মোহনলাল ৰাজপুট।তেওঁ এগৰাকী সেনা জোৱান হিচাপে অৱসৰ গ্ৰহণ কৰিছে।বৰ্তমান তেওঁ এই সৎসংগ ব্যাস আশ্ৰমতেই বাস কৰে।
খবৰ অনুসৰি, এই আশ্ৰমৰ বাহিৰত শিশুসকলে খেলা-ধূলা কৰিছিল। মোহনলালে প্ৰায়ে দুগৰাকী কিশোৰীৰ সৈতে প্ৰায়ে খেলা-ধূলা কৰিছিল। বিস্কুট, মিঠাই, চকলেট আদিৰ লগতে কেতিয়াবা ১০-২০ টকাও দিছিল। ইয়াৰে এজনীৰ বয়স আছিল ১২ বছৰ আৰু এজনীৰ আছিল ১৩ বছৰ।
পিছে ৪-৫ মাহ পূৰ্বে মোহনলালে খাদ্যৰ সৈতে কিছু নিচাজাতীয় দ্ৰব্য মিহলাই কিশোৰী দুগৰাকীৰ সৈতে অপকৰ্ম সংঘটিত কৰে। ইয়াৰ পিছতো বৃদ্ধগৰাকীয়ে কিশোৰী দুগৰাকীৰ সৈতে ২-৩ বাৰকৈ এই ভয়ংকৰ কাণ্ড সংঘটিত কৰে। পিছত চিকিৎসা পৰীক্ষাৰ সময়ত এগৰাকী কিশোৰীক গৰ্ভৱতী অৱস্থাত পোৱা যায়।
উল্লেখ্য যে, ৮ বছৰ পূৰ্বে মোহন লালৰ পত্নীৰ মৃত্যু হৈছিল আৰু তেতিয়াৰ পৰাই তেওঁ এই আশ্ৰমখনত বাস কৰি আহিছিল।
ইতিমধ্যে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।তদন্ত সম্পূৰ্ণ নোহোৱালৈকে আশ্ৰমলৈ কোনেও আহিব নোৱাৰিব বুলি আৰক্ষীয়ে কয়।ঘটনা সন্দৰ্ভত ভুক্তভোগী কিশোৰীজনীৰ পিতৃয়ে কয় যে, বৃদ্ধগৰাকী ইমানেই বয়সীয়াল যে তেওঁ ভালদৰে খোজো কাঢ়িব নোৱাৰে।তেওঁৰ বয়স দেখি কোনেও বিশ্বাসেই নকৰিব যে তেওঁ দুগৰাকীকৈ কিশোৰী সৈতে এনেধৰণৰ জঘন্য কাম সংঘটিত কৰিব পাৰে। এই পাপৰ বাবে তেওঁ উচিত শাস্তি পাব লাগে।
ইফালে ৭৫ বছৰীয়া মোহনলালে কিশোৰী দুগৰাকীৰ সৈতে এই কাণ্ড সংঘটিত কৰা বুলি স্বীকাৰ কৰে। ইফালে আৰক্ষীয়ে অভিযুক্ত সেনা জোৱান মোহনলাল ৰাজপুটক জেললৈ প্ৰেৰণ কৰিছে।
ইফালে ৭৫ বছৰীয়া মোহনলালে শিশুটিৰ সৈতে এই কাণ্ড সংঘটিত কৰা বুলি স্বীকাৰ কৰে। ইফালে আৰক্ষীয়ে অভিযুক্ত সেনা জোৱান মোহনলাল ৰাজপুটক জেললৈ প্ৰেৰণ কৰিছে।