চিত্ৰকূট জিলাত সংঘটিত এক ঘটনাই সৃষ্টি কৰিছে কৌতুহলৰ।পথাৰত হাল বাই থাকোঁতে ওলাল গণেশৰ এটা মূৰ্তি।
এই ঘটনা উত্তৰ প্ৰদেশৰ চিত্ৰকূট জিলাৰ ভাৰতকুপ থানা এলেকাৰ অন্তৰ্গত মাউব গাঁৱৰ। প্ৰহ্লাদ গুপ্তা নামৰ এগৰাকী কৃষকে ট্ৰেক্টৰেৰে নিজৰ পথাৰখন হাল বাই থকা অৱস্থাত মাটিৰ ভিতৰৰ পৰা এটা অদ্ভুত শব্দ আহে, সেই অদ্ভুত শব্দ শুনি খেতিয়কজনে ট্ৰেক্টৰখন ৰখাই দিয়ে।
ইয়াৰ পাছত বেলচাৰে প্ৰহ্লাদে পথাৰত প্ৰায় ৪ ফুট দ গাঁত খান্দে। তাৰ পাছতেই পথাৰত প্ৰায় ৩ ফুট ওখ ভগৱান গণেশৰ প্ৰাচীন শিলৰ মূৰ্তি পোৱা গৈছে। ওচৰৰ মানুহে এই কথা গম পাই পথাৰৰ ফালে দৌৰি গৈছে। মানুহে গাঁতৰ পৰা মূৰ্তিটো উলিয়াই পথাৰৰ ওচৰৰ গছ এজোপাৰ তলত ৰাখি পূজা আৰম্ভ কৰে।
প্ৰহ্লাদে কয় যে, ৰাতিপুৱা হাল বোৱাৰ বাবে তেওঁ ট্ৰেক্টখন লৈ আনিছিল৷ তেওঁ যেন এটা অদ্ভুত শব্দ শুনিবলৈ পাইছিল। প্ৰথমতে ভয় খাইছিল, তাৰ পিছত ট্ৰেক্টৰখন বন্ধ কৰি বেলচা তুলি পথাৰত গাঁত খান্দিবলৈ ধৰিলে। ৪ ফুট দ গাঁত খান্দোতে উদ্ধাৰ হয় গণেশৰ এটা প্ৰাচীন মূৰ্তি। এই মূৰ্তিটো পোৱাৰ লগে লগে তেওঁৰ হৃদয় সুখেৰে উপচি পৰে।
প্ৰহ্লাদে কয়, গাঁওবাসীৰ সহায়ত তেওঁ প্ৰথমে এই মূৰ্তিটো পানীৰে ধোঁৱে। তাৰ পিছত অমিতা গছৰ তলত এই মূৰ্তি স্থাপন কৰে। ইতিমধ্যে তাত বহুতো দেৱ-দেৱীৰ মূৰ্তি স্থাপন কৰা হৈছে।