দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা ড’নাল্ড ট্ৰাম্পে নিজৰ জয়ত অতিশয় উৎসাহিত হৈ পৰিছে। সমগ্ৰ বিশ্বতে ট্ৰাম্পৰ বিজয়ক লৈ চলিছে চৰ্চা। বুধবাৰৰ পৰা তেওঁৰ সৈতে জড়িত ফটো, ভিডিঅ’, ভাষণ আদি ভাইৰেল হৈ আছে।
ইয়াৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ সৈতে জড়িত এটা আমোদজনক কথা পাকিস্তানৰ পৰা পোহৰলৈ আহিছে। এই চাঞ্চল্যকৰ খবৰটো ড’নাল্ড ট্ৰাম্পৰ ব্যক্তিগত জীৱনৰ সৈতে জড়িত। য’ত এগৰাকী ছোৱালীয়ে দাবী কৰিছে যে তেওঁ ড’নাল্ড ট্ৰাম্পৰ কন্যা।
এগৰাকী পাকিস্তানী ছোৱালীৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে, য’ত তেওঁ ড’নাল্ড ট্ৰাম্পৰ প্ৰকৃত কন্যা বুলি দাবী কৰিছে। ছোৱালীজনীয়ে আৰু কয়, ‘ট্ৰাম্প মোৰ দেউতা, এই কথাত কোনেও সন্দেহ কৰা উচিত নহয়।’
ভাইৰেল হোৱা ভিডিঅ’টোত ছোৱালীজনীয়ে কৈছে যে ইংৰাজ মানুহে ইয়ালৈ আহি মোক দেখিলে আচৰিত হয় আৰু ভাবে যে এই ছোৱালীজনীয়ে ইয়াত কি কৰি আছে। মই এগৰাকী মুছলমান ধৰ্মী আৰু শান্তিপ্ৰেমী ছোৱালী। ড’নাল্ড ট্ৰাম্পে মোৰ মাক সদায় কৈছিল যে তুমি বৰ অসাৱধান আৰু তুমি মোৰ ছোৱালীৰ যত্ন ল’ব নোৱাৰা।
লক্ষ্যণীয় কথাটো হ’ল যে এই ভিডিঅ’টোত ছোৱালীজনীয়ে ট্ৰাম্পক পিতৃ বুলি সম্বোধন কৰিছে।