প্ৰসংগ অসম সাহিত্য সভাৰ নিৰ্বাচন। অসম সাহিত্য সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি চলি থকা বিতৰ্কৰ মাজতেই আজি অনুষ্ঠিত হয় অসম সাহিত্য সভাৰ উচ্চ ক্ষমতা সম্পন্ন সমিতিৰ বৈঠক।
এই বৈঠকতে চূড়ান্ত কৰা হৈছিল সভাপতিৰ বাবে ৫ জন লোকৰ এখন প্ৰাৰ্থীৰ তালিকা। এই প্ৰাৰ্থীৰ তালিকাত আছিল ড০ ভীমকান্ত বৰুৱাৰ নাম।
এই পাঁচগৰাকী প্ৰৰ্থীৰ তালিকাক লৈ সাহিত্যপ্ৰেমীৰ মাজত কিছু আশা আৰু আনন্দ জাগি উঠাৰ মাজতে অসম সাহিত্য সভাৰ সভাপতি পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ অনিচ্ছা প্ৰকাশ কৰিছে বিশিষ্ট সাহিত্যিক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ড০ ভীমকান্ত বৰুৱাই।
ইয়াৰ কাৰণ হিচাপে যদিও ড০ বৰুৱাই ব্যক্তিগত বুলি উল্লেখ কৰিছে কিন্ত আওপকীয়াকৈ সাহিত্য সভাত শেহতীয়াকৈ সংঘটিত কৰ্ম-কাণ্ডৰ বাবেই তেওঁৰ যে এই অনিচ্ছা সেয়া ইংগিত লাভ কৰা গৈছে।
উল্লেখ্য যে অসম সাহিত্য সভাই মঙলবাৰে সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ এখন পেনেল প্ৰস্তুত কৰিছে য’ত ড° ভীমকান্ত বৰুৱাৰো নাম অন্তৰ্ভুক্ত হৈছে।
এই সন্দৰ্ভত ড০ বৰুৱাই সংবাদ মাধ্যমৰ জৰিয়তে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে সভাপতিৰ পেনেলত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে সাহিত্য সভাক মই ধন্যবাদ জ্ঞাপন কৰিছো। কিন্ত ইয়াৰ বাবে মই আগ্ৰহী নহয় বুলিও উল্লেখ কৰে।
উল্লেখ্য যে, আজি ভগৱতী প্ৰসাদ বৰুৱা ভৱনত অনুষ্ঠিত অসম সাহিত্য সভাৰ উচ্চ ক্ষমতা সম্পন্ন সমিতিৰ বৈঠকত সভাপতি পদৰ বাবে চূড়ান্ত কৰা প্ৰাৰ্থীৰ তালিকাত নাম আছিল ড০ বসন্ত কুমাৰ গোস্বামী, ড০ গোবিন্দ প্ৰসাদ শৰ্মা, ড০ উপেন ৰাভা হাকাচাম, অনুৰাধা শৰ্মা পূজাৰী আৰু ড০ ভীমকান্ত বৰুৱা।