উত্তৰ প্ৰদেশৰ কাছগঞ্জ জিলাৰ কোতৱালি থানা এলেকাত মঙলবাৰে এটা দ’ গাতত পৰি যোৱাৰ ফলত এগৰাকী ১০ বছৰীয়া কিশোৰীসহ চাৰিগৰাকী মহিলাৰ মৃত্যু হয়। আৰক্ষীৰ মতে, কাছগঞ্জত এখন দলং নিৰ্মাণৰ বাবে খান্দি থকা গাতৰ পৰা মাটি উলিওৱাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়।
কাছগঞ্জ জিলাৰ মোহনপুৰাত সংঘটিত হোৱা এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।
মোহনপুৰাৰ ৰামপুৰ আৰু কাটউৰ গাঁৱৰ মাজত পুৱা প্ৰায় ৭ মান বজাত সংঘটিত হয় এই ঘটনা। ৰামপুৰৰ মহিলা আৰু শিশুসকলে দলং নিৰ্মাণৰ বাবে খন্দা গাতৰ পৰা মাটি সংগ্ৰহ কৰিবলৈ গৈছিল।
অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাকেশ ভাৰতীয়ে কয়, ‘৩গৰাকী মহিলা আৰু এগৰাকী ১০ বছৰীয়া ছোৱালীকে ধৰি চাৰিজন লোকৰ মৃত্যু হৈছে।’
তেওঁ লগতে কয় যে তেওঁলোকৰ ঘৰত হ’বলগীয়া এটা অনুষ্ঠানৰ বাবে মাটি সংগ্ৰহ কৰিবলৈ গৈ ৯ জন লোক ১০ ফুট দ’ গাতত পৰি যায়। আটাইকেইগৰাকী লোককে মাটিয়ে হেচি ধৰাত ইয়াৰে চাৰিজনৰ মৃত্যু হোৱাৰ লগতে পাঁচজনক গুৰুতৰ অৱস্থাত উদ্ধাৰ কৰা হয়। সম্প্ৰতি আহত ৫ গৰাকী চিকিৎসাধীন হৈ আছে।