মণিপুৰত অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ নিৰাপত্তা সংস্থাসমূহৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই উচ্চস্তৰীয় বৈঠকখনতে অশান্তজৰ্জৰ মণিপুৰৰ পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবৰ বাবে অতিৰিক্ত ৫০টা নিৰাপত্তা বাহিনী মোতায়েন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি মণিপুৰত ৫০টা কোম্পানী অৰ্থাৎ ৫০০০ জোৱান অতিৰিক্তভাৱে নিয়োগ কৰা হ’ব। মণিপুৰত এই পৰ্যন্ত মুঠ ২৭ হাজাৰ অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। ৰাজ্যত শান্তি পুনৰুদ্ধাৰৰ প্ৰক্ৰিয়াক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিব লাগে বুলি সকলো সংস্থাক নিৰ্দেশ দিয়ে গৃহমন্ত্ৰী অমিত শ্বাহে।
উল্লেখ্য যে, যোৱা বছৰৰ মে’ মাহত মেইটেই আৰু কুকীৰ মাজত সূত্ৰপাত ঘটা সংঘৰ্ষই ৰাজ্যখনত অভাৱনীয় পৰিৱেশৰ সৃষ্টি কৰিছে। দুই জনগোষ্ঠীৰ মাজত আৰম্ভ হোৱা এই সংঘাতত এতিয়ালৈকে ২০০ৰো অধিক লোকৰ মৃত্যু ঘটিছে। গৃহহীন হৈছে হাজাৰ-হাজাৰ লোক।
ৰাজ্যখনৰ হিংসাত্মক পৰিস্থিতি কিছু পৰিমানে শাম কাটিছিল যদিও কিছুদিন পূৰ্বে জিৰীবাম জিলাত মহিলা আৰু শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে পুনৰ জলি উঠে মণিপুৰ। উগ্ৰপন্থীয়ে অপহৰণ কৰি এই লোকসকলক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল।