বতৰ সলনি হোৱাৰ লগতে দেশৰ বহুতো অঞ্চলত টোকৰ মাৰিছে শীতে। অৱশ্যে যেতিয়াই বতৰৰ তাপমাত্ৰা কমিবলৈ আৰম্ভ কৰে, তেতিয়াই বহু ৰোগৰ আশংকাও বাঢ়ি যায়। ইয়াৰ ফলত আটাইতকৈ ডাঙৰ আশংকা হৃদৰোগ।
আমেৰিকান হাৰ্ট এছ’চিয়েশ্যনৰ অধ্যয়ন অনুসৰি, শীতকালত হাৰ্ট এটেকৰ ৰোগী ৩০ শতাংশ বৃদ্ধি পায়। ভাৰততো শীতকালত প্ৰতি বছৰে অধিক হাৰ্ট এটেকৰ ঘটনা দেখা যায়। এইমছ দিল্লীৰ গৱেষণাৰ পৰা দেখা যায় যে, শীতকালত দেশত হাৰ্ট এটেকৰ ৰোগীৰ সংখ্যা ২৫ শতাংশলৈ বৃদ্ধি পায়।
পূৰ্বতে এই সমস্যা বৃদ্ধসকলৰ মাজত বেছিকৈ দেখা গৈছিল, যদিও বৰ্তমান সময়ত কম বয়সতে মানুহ হাৰ্ট এটেকৰ বলি হৈ পৰিছে। বিশেষজ্ঞসকলে কয় যে, এই বতৰত তাপমাত্ৰা কমি যোৱা, অনুন্নত জীৱনশৈলী, ভুল খাদ্যাভ্যাসে এই বতৰত হাৰ্ট এটেকৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰধান কাৰণ।
এই সন্দৰ্ভত ৰাজীৱ গান্ধী চিকিৎসালয়ৰ হৃদৰোগ বিভাগৰ সহযোগী অধ্যাপক ডাঃ অজিত জৈনে কয় যে, শীতকালত হৃদযন্ত্ৰৰ সিৰালৈ তেজৰ যোগান সঠিকভাৱে নহয়, যাৰ বাবে ৰক্তচাপ বাঢ়ি যায় আৰু যাৰ বাবে হৃদৰোগ হোৱাৰ আশংকা থাকে।
ডাঃ অজিত জৈনে কয় যে, এই বতৰত ঠাণ্ডা আৰু বায়ু প্ৰদূষণ এই দুয়োটাৰে বাবে হাৰ্ট এটেকৰ আশংকা থাকে। শীতকালত বায়ু প্ৰদূষণ বেছি হয়, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়, কাৰণ প্ৰদূষণৰ কণাবোৰে উশাহ-নিশাহৰ জৰিয়তে হাওঁফাওঁলৈ প্ৰৱেশ কৰে। এই কণাবোৰ তেজতো জমা হৈ শিৰাবোৰ বন্ধ হৈ পৰে। যাৰ বাবে তেজৰ যোগান সঠিকভাৱে সম্ভৱ নহয়। ইয়াৰ ফলত হৃদযন্ত্ৰৰ ওপৰত চাপ পৰে আৰু হাৰ্ট এটেক হ’ব পাৰে।
আমেৰিকান হাৰ্ট এছ’চিয়েচনৰ তথ্য অনুসৰি, যিসকল লোকৰ উচ্চ ৰক্তচাপ, উচ্চ কলেষ্টেৰল, ডায়েবেটিছ বা মেদবহুলতা থাকে, তেওঁলোকৰ শীতকালত হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা অধিক। এনে পৰিস্থিতিত এইসকল লোকে বিশেষ সাৱধান হোৱাটো প্ৰয়োজন।
হাৰ্ট এটেকৰ লক্ষণসমূহ-
- বুকুত বিষ বা চাপ অনুভৱ কৰা
- বুকুৰ কাষত বিষ
- শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগা
- মূৰ-ঘূৰণি হোৱা
- বমিভাৱ
- বুকুত গধুৰ অনুভৱ হোৱা
শীতকালত হাৰ্ট এটেক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি-
- ফলমূল আৰু শাক-পাচলিকে ধৰি স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰা উচিত
- পুৱা আৰু গধূলি কম উষ্ণতাত ব্যায়াম কৰাটো পৰিহাৰ কৰিব লাগিব
- ধূম্ৰপান পৰিহাৰ কৰা উচিত
- মদ্যপান পৰিত্যাগ কৰা উচিত
- নিয়মিতভাৱে কলেষ্টেৰল পৰীক্ষা কৰোৱাৰ প্ৰয়োজন
- এছপিৰিনৰ দৰে ঔষধ নিজৰ লগত ৰাখা উচিত
- গৰম কাপোৰ পৰিধান কৰা উচিত
- ফাষ্ট ফুড পৰিহাৰ কৰা উচিত
- নিয়মিতভাৱে বি পি পৰীক্ষা কৰাৰ প্ৰয়োজন