বৰ্তমান সময়ত এণ্টিবায়’টিকৰ বৰ্ধিত ব্যৱহাৰ এক ডাঙৰ চিন্তাৰ বিষয় হৈ উঠিছে। বিশ্বৰ প্ৰায় সকলো দেশতেই জনসাধাৰণৰ মাজত এণ্টিবায়’টিকৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে।
ইয়াৰ লগতে ভাৰততো দিনে দিনে এই ঔষধসমূহৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে। কাঁহ, চৰ্দি আৰু জ্বৰৰ দৰে সমস্যাত ভুগিলেতো বহুতে চিকিৎসকৰ পৰামৰ্শ অবিহনেই এণ্টিবায়’টিক ব্যৱহাৰ বাঢ়ি গৈছে। ইয়াৰ অত্যধিক ব্যৱহাৰেও স্বাস্থ্যৰ যথেষ্ট ক্ষতিসাধন কৰিছে।
ইনষ্টিটিউট অৱ হিউমেন বিহেভিয়াৰ এণ্ড এলাইড ছায়েন্সৰ(IHBAS) অধ্যাপিকা ডাঃ সংগীতা শৰ্মাই কয় যে- ক’ভিদৰ সময়ৰ পৰাই এণ্টিবায়’টিকৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে। সাধাৰণ ৰোগৰ বাবেও সেৱন কৰে এণ্টিবায়’টিক। সাধাৰণ লোকে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈয়ে সেৱন কৰে।
পিছে পৰামৰ্শ অবিহনে যধে মধে এই ঔষধ সেৱন কৰাটো অনুপযুক্ত। ইয়াৰ বাবে শৰীৰত অন্য ঔষধৰ কোনো প্ৰভাৱ নপৰে। শৰীৰৰ বাবে উপযোগী আৰু প্ৰয়োজনীয় অণুজীৱসমুহো মৃত্যুমুখত পৰে, যিয়ে শৰীৰটোৰ প্ৰয়োজনীয় বহুতো খাদ্যপ্ৰাণৰ পৰা বঞ্চিত কৰে।
যাৰফলত দেহৰ পুষ্টি সাধনত ব্যাঘাত জন্মে|
এণ্টিবায়টিকৰ পাৰ্শ্বক্ৰিয়া-
-
বদহজমিৰ সমস্যা
-
ডায়েৰিয়া
-
মানসিক ৰোগৰ লক্ষণ
-
পেট চলা
-
বৃক্ক বিকল
-
অষ্টিওপোৰোচিছ
-
হাড়ৰ মজ্জা বেয়া হোৱা
-
ছালৰ ক্ষতি
গতিকে এন্টিবায়’টিকৰ অত্যধিক ব্যৱহাৰৰ বিষয়ে মানুহক সজাগ কৰাৰ প্ৰয়োজন আছে। বিনা কাৰণত যদি এন্টিবায়টিকৰ ব্যৱহাৰ কৰা হয়, তেন্তে ই সুস্থ বেক্টেৰিয়াৰ ওপৰত প্ৰভাৱ পেলাই প্ৰতিৰোধ ক্ষমতাও হ্ৰাস কৰে।