ভাৰতত শিশুৰ মেদবহুলতাৰ সমস্যা লক্ষণীয় হাৰত বৃদ্ধি পাইছে। ২০২১ চনৰ “দ্য লেন্সেট জাৰ্নেল”ৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, ভাৰতৰ প্ৰায় ৩.৩ কোটি শিশু ডায়েবেটিছত আক্ৰান্ত।
এই সংখ্যা প্ৰত্যেক বছৰে বৃদ্ধি পাই আহিছে। শিশুৰ মেদবহুলতাৰ বাবে বহু ৰোগৰো আশংকা থাকে। শৰীৰৰ ওজন বৃদ্ধিৰ বাবে ডায়েবেটিছো হয়। ইয়াৰ বাহিৰেও আন বহুতো ৰোগ আছে, যিবোৰ মেদবহুলতাৰ ফলত হয়।
শিশুৰ ওজন কেনেকৈ নিয়ন্ত্ৰণ কৰিব এই বিষয়ে বিশেষজ্ঞই কি কয় শুনক-
The Lancet ৰ গৱেষণা অনুসৰি মেদবহুলতাই হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে, কাৰণ মেদবহুলতাৰ ফলত উচ্চ ৰক্তচাপ, কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা বৃদ্ধি পাব পাৰে। ইহঁতৰ মাত্ৰা বৃদ্ধি কৰিলে হৃদযন্ত্ৰৰ ওপৰত হেঁচা পৰে আৰু আক্ৰমণৰ সৃষ্টি হ’ব পাৰে।
মেদবহুলতাই হাপানীৰো সম্ভাৱনা বৃদ্ধি কৰিব পাৰে, কাৰণ মেদবহুলতাই শ্বাস-প্ৰশ্বাসতন্ত্ৰত হেঁচা প্ৰয়োগ কৰে। যাৰ বাবে হাওঁফাওঁত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে আৰু হাঁপানী, ব্ৰংকাইটিছ আৰু চি অ’ পি ডি আদি ৰোগৰ আশংকা থাকে। মেদবহুলতাই কেন্সাৰ ৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰিব পাৰে, কাৰণ মেদবহুলতাই শৰীৰত অক্সিডেটিভ ষ্ট্ৰেছ বৃদ্ধি কৰিব পাৰে। যিটো কেন্সাৰৰ এটা প্ৰধান কাৰণ। মেদবহুলতাৰ ফলত পেটৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।
শিশুৰ মেদবহুলতা বৃদ্ধিৰ কাৰণ-
এইমছ নতুন দিল্লীৰ শিশু চিকিৎসা বিভাগৰ ডাঃ ৰাকেশ কুমাৰে কয় যে, শিশুৰ মেদবহুলতা বৃদ্ধিৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে ভুল খাদ্যাভ্যাস। আজিৰ শিশুসকলে ফাষ্ট ফুড খাবলৈ বেছিকৈ পছন্দ কৰে। ফাষ্ট ফুডত আটা আৰু বহু ধৰণৰ ৰাসায়নিক পদাৰ্থ থাকে, যিয়ে শৰীৰত মেদবহুলতা বৃদ্ধি কৰে।
ইয়াৰ উপৰিও শিশুৰ জীৱনশৈলীও বহুত বেয়া হৈ পৰিছে। শিশুসকলে এতিয়া ফোন আৰু ছ’চিয়েল মিডিয়া অধিক ব্যৱহাৰ কৰে। দীৰ্ঘ সময় মোবাইল চাই বহি থকাৰ বাবে শিশু মেদবহুল হৈ পৰিছে।
শিশুৰ মেদবহুলতাৰ নিয়ন্ত্ৰণ-
- শিশুক ফল-মূল, শাক-পাচলি, গোটা শস্যকে ধৰি স্বাস্থ্যসন্মত খাদ্যৰ যোগান
- শিশুক চিপচ, কুকিজৰ দৰে জাংক ফুড খাবলৈ দিয়াৰ পৰা বিৰত ৰখা
- শিশুসকলক নিয়মীয়াকৈ ব্যায়াম কৰিবলৈ দিয়া
- টিভি আৰু ভিডিঅ’ গেমৰ সময় সীমিত কৰা