বাংলাদেশত বৃদ্ধি পাইছে হিন্দুৰ ওপৰত হিংসা। ইস্কনক মৌলবাদী সংগঠন বুলি অভিহিত কৰা হৈছে। একে সময়তে বাংলাদেশ সন্মিলিত সনাতনী জাগৰণ জোটৰ মুখপাত্ৰ চিন্ময় কৃষ্ণ দাসক ঢাকা বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হয়।
ইফালে, ইস্কন বাংলাদেশে চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰা ঘটনাক গৰিহণা দি এক বিবৃতি প্ৰকাশ কৰি চৰকাৰী বিষয়াসকলক শান্তিৰ প্ৰসাৰৰ বাবে আহ্বান জনাইছে। ইস্কন বাংলাদেশেও দেশৰ বিভিন্ন অঞ্চলত সনাতনীৰ বিৰুদ্ধে হোৱা হিংসা আৰু আক্ৰমণৰ তালিকা প্ৰকাশ কৰিবলৈ চৰকাৰক দাবী জনাইছে।
ইস্কনে বাংলাদেশৰ সম্মিলিত সনাতনী জাগৰণ জোটৰ মুখপাত্ৰ চিন্ময় কৃষ্ণ দাসক শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰা ঘটনাক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে তীব্ৰ গৰিহণা দিছে। বাংলাদেশৰ বিভিন্ন অঞ্চলত সনাতনীৰ বিৰুদ্ধে হোৱা হিংসা আৰু আক্রমণকো আমি গৰিহণা দিছোঁ৷ চৰকাৰী বিষয়াসকলক সনাতনীসকলৰ বাবে শান্তিপূৰ্ণ সহযোগিতা প্ৰসাৰিত কৰাত আহ্বান জনাইছে।
সনাতনী জনগোষ্ঠীৰ ওপৰত হোৱা আক্ৰমণৰ বাবে দায়ীসকলক চিনাক্ত কৰি তেওঁলোকক জবাবদিহি কৰিবলৈ ইস্কনে চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা বহু দাবী উত্থাপন কৰিছে।দেশৰ সকলো জনগোষ্ঠীৰ মাজত শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ তাৎক্ষণিক আৰু ফলপ্ৰসূ ব্যৱস্থা ৰূপায়ণ কৰাবলৈও দাবী উত্থাপন কৰিছে।