চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত চলি থকা অস্থিৰতা সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। অৱশ্যে বাংলাদেশৰ সমস্যাটো তেওঁলোকৰ আভ্যন্তৰীণ সমস্যা বুলি উল্লেখ কৰি তেওঁ এই বিষয়টো সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে।
বাংলাদেশৰ এই বিষয়টো কেন্দ্ৰীয় চৰকাৰে মিমাংসা কৰিব লাগে আৰু কেন্দ্ৰীয় চৰকাৰে যি নিৰ্ণয় লয় সেয়াই ৰাজ্য চৰকাৰে পালন কৰিব বুলি মমতা বেনাৰ্জীয়ে বিধানসভাত মন্তব্য কৰে।
পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয়, ‘বাংলাদেশ এখন অন্য ৰাষ্ট্ৰ। ভাৰত চৰকাৰে এই সন্দৰ্ভত চোৱা চিতা কৰিব। এইটো আমাৰ অধিকাৰৰ ভিতৰত নপৰে। আমি এই সন্দৰ্ভত আলোচনা কৰাটো উচিত নহয় আৰু হস্তক্ষেপ কৰিবও নালাগে। অৱশ্যে বাংলাদেশত চলি থকা বৰ্তমান পৰিস্থিতি দেখি আমাৰ দুখ লাগিছে, কিন্তু কেন্দ্ৰই নিৰ্ধাৰণ কৰা নীতিক আমি পালন কৰিম’।
মমতা বেনাৰ্জীয়ে লগতে কয় যে, ঘটনা সন্দৰ্ভত ইস্কন প্ৰতিনিধিৰ সৈতে কথা পাতিছো। অৱশ্যে তেওঁ ইস্কন প্ৰতিনিধিৰ সৈতে কি আলোচনা কৰিলে সেয়া প্ৰকাশ কৰা নাই।
উল্লেখ্য যে, ইস্কনৰ পুৰোহিত চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাৰ লগতে হিন্দুৰ ওপৰত অবিৰত আক্ৰমণৰ পিছতে বাংলাদেশত অব্যাহত আছে উত্তেজনা। ভাৰতৰ সকলো নেতাই শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে প্ৰধানমন্ত্ৰী মোদী আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ পৰা।