মেষ-আধ্যত্মিক দিশত সময় পাৰ কৰক। অতিৰিক্ত কামৰ বাবে আৰাম কৰক। শুভ ৰং- নীলা, শুভ সংখ্যা- ১৮
বৃষ- সৃজনশীল আৰু বৌদ্ধিক কাৰ্যত অংশ গ্ৰহণ কৰিব পাৰে। সময়ৰ অপব্যৱহাৰ নকৰিব। ব্যৱসায়ত লাভজনক স্থিতি। শুভ ৰং- নীলা, শুভ সংখ্যা- ১৭
মিথুন- লেনদেনত গুৰুত্ব ৰাখক। কোনো বিবাদত নোসোমাব। শুভ ৰং- বেঙুনীয়া, শুভ সংখ্যা-১১।
কৰ্কট- স্বাস্থ্য ভালে থাকিব। মানসিক শান্তি লাভ। ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা আছে। শুভ ৰং- মেজেন্টা, শুভ সংখ্যা- ১৬।
সিংহ- আৰ্থিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। শুভ ৰং- বগা, শুভ সংখ্যা- ৬
কন্যা- মানসিক শান্তি লাভ। আত্মবিশ্বাস ধৰি ৰখাটো প্ৰয়োজন। পাৰিবাৰিক দিশত শান্তি। শুভ- ৰঙা, শুভ সংখ্যা-৭
তুলা-এই ৰাশিৰ জাতক-জাতিকাই আজি কিছু ধৈৰ্য ধৰিব লাগিব। পাৰিবাৰিক দিশত শান্তি বিৰাজ কৰিব। যিকোনো সমস্যা অহাৰ সম্ভাৱনা আছে। শুভ ৰং- ক’লা, শুভ সংখ্যা-২
বৃশ্চিক- কৰ্মত পৰিশ্ৰমী হওঁক। জীৱনৰ প্ৰতি নিৰাশ নহ’ব। শুভ ৰং- বগা, শুভ সংখ্যা- ১১
ধনু-পিতৃ-মাতৃৰ প্ৰতি সন্মান ৰাখক। প্ৰেমৰ সম্পৰ্ক উন্নত। কোনো শুভ সংবাদ লাভ কৰিব।শুভ ৰং-কমলা, শুভ সংখ্যা-৩
মকৰ- স্বামী-স্ত্ৰীৰ মাজত বুজাবুজিৰ বাবে পৰিয়ালৰ স্থিতি সুন্দৰ হ’ব। সম্পত্তি ক্ৰয় কৰাৰ সম্ভাৱনা আছে। শুভ ৰং- হালধীয়া, শুভ সংখ্যা- ১২
কুম্ভ- আজিৰ দিনটোত আপোনাৰ উদ্বেগ, ক্লান্তি আৰু পেটৰ অসুখ হোৱাৰ সম্ভাৱনা আছে । স্বাস্থ্যকৰ খাদ্য খাওক আৰু যোগাসন বা ধ্যানসাধনা কৰক । শুভ ৰং- বগা, শুভ সংখ্যা- ৪
মীন- বন্ধুৰ সৈতে সময় পাৰ কৰক। স্বাস্থ্য ভালে ৰাখক। শুভ ৰং- সেউজীয়া, শুভ সংখ্যা- ৯