অহা ৭ ডিচেম্বৰত সম্প্ৰসাৰণ হ’ব অসম মন্ত্ৰীসভাৰ। এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰী কেইজনে সেই দিনটোতে দিনৰ ১২ বজাত ৰাজভৱনত শপত ল’ব।
অৱশ্যে নতুনকৈ কিমানজনক মন্ত্ৰীসভাত স্থান দিয়ে আৰু কোন বিধায়কে মন্ত্ৰী হোৱাৰ সুযোগ লাভ কৰিব সেয়া প্ৰকাশ কৰাৰ পৰা বিৰত থাকে মুখ্যমন্ত্ৰী শৰ্মা।
আজি নতুন দিল্লীত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী শৰ্মাই এখন সংবাদমেল সম্বোধন কৰি এই কথা ৰাজহুৱা কৰে।
উল্লেখ্য যে, অসমত অনুষ্ঠিত হৈ যোৱা উপ-নিৰ্বাচনৰ পূৰ্বৰে পৰা অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কেতিয়া হ’ব তাৰ চৰ্চা চলি আছিল। এই বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাক সাংবাদিকে কেইবাবাৰো প্ৰশ্ন কৰিছিল যদিও তেওঁ প্ৰতিবাৰেই কেন্দ্ৰ চৰকাৰৰ সৈতে আলোচনা কৰিহে সিদ্ধান্ত লোৱা হ’ব বুলি উল্লেখ কৰিছিল।
কিন্তু আজি সংবাদমেলযোগে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ দিন ঘোষণা কৰাৰ লগে লগে এতিয়া বিজেপিৰ লগতে তেওঁলোকৰ সহযোগী দল অগপ আৰু ইউ পি পি এল দলৰ মাজতো এই বিষয়ত আলোচনা হোৱাৰ সম্ভাৱনা আছে।
ইফালে হিমন্ত মন্ত্ৰীসভাত কেৱল বিজেপিৰ বিধায়ককহে অন্তৰ্ভুক্ত কৰা হ’ব নে সহযোগী দলৰ আন কোনো বিধায়ককো স্থান দিয়ে সেয়া দুই এদিনৰ ভিতৰতে স্পষ্ট হৈ পৰিব।
জানিব পৰা অনুসৰি বৰাকৰ পৰা এজন বিধায়কে মন্ত্ৰীসভাত স্থান পোৱাটো প্ৰায় নিশ্চিত।