আজি লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছৱে’ত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। আগ্ৰা দিশে গৈ থকা এখন দুতৰপীয়া বাছে ডিভাইডাৰত খুন্দিয়াই ৰাজপথত বাগৰি পৰাৰ ফলত ৬গৰাকী যাত্ৰীৰ কৰুণ মৃত্যু হয়।
ছকৰৱা থানাৰ অন্তৰ্গত ঔৰেয়া সীমান্তত সংঘটিত এই দুৰ্ঘটনাত ৪০ জনৰো অধিক যাত্ৰী আহত হোৱাৰ খবৰ আহিছে। আহত আটাইকেইগৰাকী লোককে নিকটৱৰ্তী হাস্পতালত ভৰ্তি কৰোৱা হৈছে যদিও বহু কেইজন যাত্ৰীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত জল শক্তি মন্ত্ৰী স্বতন্ত্ৰ দেৱ সিং সেই পথেৰে গৈ আছিল। বাছখন বাগৰি পৰা দেখাৰ লগে লগে তেওঁ সহায় কৰিবলৈ আগবাঢ়ি আহে।
ঘটনাস্থলত উপস্থিত থকা স্থানীয় লোকৰ সহায়ত মন্ত্ৰীগৰাকীয়ে বাছখনত আবদ্ধ হৈ থকা আহত লোকসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যায়।