বহি:ৰাজ্যত জিলিকি উঠিল অসম সন্তান। মুছলমানসকলৰ আটাইতকৈ পৱিত্ৰ ধৰ্মগ্ৰন্থ কোৰাণ পাঠ প্রতিযোগিতাত দেশৰ ভিতৰতে কোৰাণ পাঠ কৰি শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰে অসমৰ হাফিজ অৰিফুজ্জামানে।
হাফিজ অৰিফুজ্জামানৰ বয়স ১৩ বছৰ।কাছাৰৰ কাটিগড়াৰ এখন মাদ্ৰাছাৰ ছাত্ৰ হাফিজ।সৰ্বভাৰতীয় হিফজুল কোৰাণ পাঠ প্ৰতিযোগিতাত অংশ লৈছিল ১৩ বছৰীয়া হাফিজে।৮ ডিচেম্বৰত পশ্চিমবংগৰ হাওৰাত অনুষ্ঠিত হৈছিল সর্ব ভাৰতীয় হিফজুল কোৰাণৰ এই প্রতিযোগিতাখন।
দেশৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ প্ৰতিযোগীক পিছ পেলাই অসমৰ নাম উজ্বলালে হাফিজে।বুধবাৰ অৰ্থাৎ ১১ ডিচেম্বৰত অসমলৈ উভতি আহে হাফিজ।বদৰপুৰ হয়।ষ্টেচনত উপস্থিত পৰা হোৱাৰ লগে লগে হাফিজক উষ্ম আদৰণি জনাই শ শ শুভাকাংক্ষীয়ে।বৰ্তমান হাফিজক লৈ গৌৰৱবোধ কৰিছে সমগ্ৰ মুছলমান সমাজে।নিজৰ লগতে সমগ্ৰ অসমৱাসীলৈ গৌৰৱ কঢ়িয়াই আনে হাফিজে।