‘যেতিয়া পথ দুৰ্ঘটনা বিষয়ক লৈ আলোচনাত অংশ ল’বলৈ বিদেশলৈ যাও,, তেতিয়া মই মোৰ মুখখন লুকুৱাবৰ চেষ্টা কৰো’, এই মন্তব্য কৰে পথ-পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে।
আজি লোকসভাৰ এক আলোচনাত মন্ত্ৰী গাডকাৰীয়ে কয়, ‘দুৰ্ঘটনা হ্ৰাস পোৱাৰ কথা পাহৰি যাওক, বৃদ্ধি হোৱা বুলি স্বীকাৰ কৰিবলৈ মোৰ কোনো সংকোচ নাই। পথ দুৰ্ঘটনাৰ ওপৰত আলোচনা হোৱা আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিবলৈ যাওঁতে মই মোৰ মুখ লুকুৱাবলৈ চেষ্টা কৰো।’
মন্ত্ৰী গাডকাৰীয়ে লগতে কয় যে এইধৰণৰ ঘটনা ৰোধ কৰিবলৈ ভাৰতীয় নিজৰ ব্যৱহাৰ সলনি কৰিব লাগিব, সমাজ সলনি হ’ব লাগিব আৰু আইনক সন্মান কৰিব লাগিব।
তেওঁ কয় যে পথত ট্ৰাক পাৰ্কিং কৰাটো দুৰ্ঘটনাৰ এটা ডাঙৰ আৰু মুখ্য কাৰণ বুলি উল্লেখ কৰি বহু ট্ৰাকে লেন অনুশাসন মানি নচলে বুলিও উল্লেখ কৰে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে মন্ত্ৰী গাডকাৰীয়ে দুৰ্ঘটনা সন্দৰ্ভত কৈছিল যে ভাৰতত প্ৰতিবছৰে দুৰ্ঘটনাৰ ফলত প্ৰায় ১.৭৮ লাখ লোকে প্ৰাণ হেৰুৱায় আৰু ইয়াৰে প্ৰায় ৬০ শতাংশ ভুক্তভোগী ১৮ৰ পৰা ৩৪ বছৰৰ ভিতৰৰ।
দুৰ্ঘটনা সংঘটিত হোৱা ৰাজ্যৰ ভিতৰত শীৰ্ষত আছে উত্তৰ প্ৰদেশ। আনহাতে চহৰৰ ক্ষেত্ৰত শীৰ্ষত আছে দিল্লী।