সংসদৰ শীতকালীন অধিৱেশনত উত্থাপন হ’ল ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়ক। এই বিধেয়ক আইনত পৰিণত হ’লে ২০২৯ৰ পূৰ্বে নিৰ্বাচিত যিকোনো চৰকাৰৰ কাৰ্যকাল ২০২৯ত শেষ হ’ব।
বিধেয়কখন আইন হোৱাৰ লগে লগে দুটা পৰ্যায়ত ৰূপায়ণ কৰা হ’ব ‘এক দেশ, এক নিৰ্বাচন’। প্ৰথম পৰ্যায়ত হ’ব লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন। দ্বিতীয় পৰ্যায়ত হ’ব পঞ্চায়ত আৰু পৌৰসভাৰ নিৰ্বাচন।
‘এক দেশ, এক নিৰ্বাচন’ বিধেয়ক লৈ সৃষ্টি হোৱা হুলস্থুলীয়া পৰিৱেশৰ মাজতে বিজেপিৰ সভাপতি জে পি নাড্ডাই এক ডাঙৰ বিবৃতি দিছে। নাড্ডাই কয় যে, ৩৫৬ নং অনুচ্ছেদৰ অপব্যৱহাৰ বন্ধ কৰিবলৈ ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কৰ উত্থাপন কৰা হৈছে।
৩৫৬ নং অনুচ্ছেদ ৰাষ্ট্ৰপতিৰ শাসনৰ সৈতে জড়িত, য’ত কেন্দ্ৰই ৰাজ্যপালৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতিৰ শাসন হয়।
ৰাজ্যসভাত সংবিধান সন্দৰ্ভত বিতৰ্কৰ সময়ত ভাষণ দি নাড্ডাই কয় যে, পূৰ্বৰ কংগ্ৰেছ চৰকাৰসমূহে ইতিহাসত ৩৫৬ নং অনুচ্ছেদৰ অপব্যৱহাৰৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এক দেশ, এক নিৰ্বাচনী বিধেয়ক গৃহীত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
ভাষণৰ সময়ত নাড্ডাই কংগ্ৰেছে সংবিধানৰ মনোভাৱ সলনি কৰি পুনৰ লিখিবলৈ চেষ্টা কৰা বুলি অভিযোগ কৰে।
নাড্ডাই লগতে কয় যে, কংগ্ৰেছৰ বাবেই ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কৰ উত্থাপন কৰা হৈছে। কাৰণ ১৯৫২ চনৰ পৰা ১৯৬৭ চনলৈকে দেশত একেলগে নিৰ্বাচন অনুষ্ঠিত হৈছিল।
কংগ্ৰেছে ৩৫৬ নং অনুচ্ছেদ ব্যৱহাৰ কৰি ৰাজ্যসমূহৰ নিৰ্বাচিত চৰকাৰসমূহক প্ৰতিবাৰে উফৰাই দিয়ে আৰু তেনে কৰি বহু ৰাজ্যত পৃথক নিৰ্বাচনৰ পৰিস্থিতিৰ সৃষ্টি কৰে।
৩৫৬ নং অনুচ্ছেদৰ সংখ্যা সদনত ৰখাৰ সময়ত জে পি নাড্ডাই কয় যে, কংগ্ৰেছ চৰকাৰে ইয়াক ৯০ বাৰ ব্যৱহাৰ কৰিছিল। ইন্দিৰা গান্ধীয়ে সৰ্বাধিক ৫০ বাৰ ৩৫৬ অনুচ্ছেদ ব্যৱহাৰ কৰিছিল। এই সময়ছোৱাত তেওঁ ইন্দিৰাৰ জৰুৰীকালীন অৱস্থাৰ কথাও উল্লেখ কৰিছিল।