পানীয়ে প্ৰাণীৰ প্ৰাণ। নদী, বিল আৰু পুখুৰী থকা দেশত মানুহে পানীৰ অভাৱৰ সন্মুখীন নহয়। কিন্তু কোনো এখন দেশত নদী নাথাকিলে কি হ’ব? নদী নথকা এখন দেশত মানুহে খোৱাপানী কেনেকৈ লাভ কৰিব? আপুনি হয়তো ভাবিব পাৰে যে পৃথিৱীৰ এনে কোনো দেশ থাকিব নোৱাৰে য’ত নদী নাই। যদি এইটো ভাবিছে তেন্তে আপুনি ভুল।
আজি আমি আপোনালোকক জনাম ৮ খন দেশৰ বিষয়ে য’ত এখনো নদী নাই। আশ্চৰ্যজনক কথাটো হ’ল যে এই তালিকাৰ পঞ্চম স্থানত থকা দেশখনৰ নাম জানিলে আপুনি স্তম্ভিত হ’ব৷
টাইমছ অফ ইণ্ডিয়াৰ বাতৰি অনুসৰি, এখনো নদী নথকা ডাঙৰ দেশৰ ভিতৰৰ প্ৰথম স্থানত আছে ছৌদি আৰৱ। কিন্তু ইয়াত সাগৰৰ পানী ডিচেলাইনেচন প্ৰক্ৰিয়াৰ সহায়ত সাগৰৰ পানী খোৱাৰ উপযুক্ত কৰি তোলে। ডিচেলাইনেচনৰ জৰিয়তে প্ৰায় ৭০ শতাংশ পানী আহৰণ কৰে ছৌদি আৰৱে। ইয়াৰ উপৰি পানীৰ পুনৰ ব্যৱহাৰৰ এক উপযুক্ত ব্যৱস্থাও আছে, যাৰ বাবে দেশখনে পানীৰ অভাৱ অনুভৱ নকৰে।
আনহাতে বিশ্বৰ আন এখন ধনী দেশ হৈছে কাটাৰ। এই দেশখনতো নাই এখনো নদী। সেয়ে এই দেশখনেও সাগৰৰ পানী খোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হয়। ইয়াৰ বাবে ইয়াত খোৱাপানীৰ ৯৯ শতাংশ সাগৰৰ পানী ডিচেলাইনেচনৰ জৰিয়তে সংগ্ৰহ কৰা হয়।
নদী নথকা দেশৰ তালিকাত তৃতীয় স্থানত আছে ইউনাইটেড আৰৱ এমিৰেটছ। ডুবাই আৰু আবু ধাবীৰ দৰে বিখ্যাত চহৰৰ বাবে পৰিচিত এইখন দেশেও সাগৰৰ পানী ডিচেলাইনেচন প্ৰক্ৰিয়াৰ সহায়ত সাগৰৰ পানী খোৱাৰ উপযুক্ত কৰি তোলে। প্ৰায় ৮০ শতাংশ সাগৰৰ পানী ডিচেলাইনেচনৰ জৰিয়তে সংগ্ৰহ কৰে।
কুৱেইটো এনে এখন দেশ য’ত নদী নাই। দেশখন পানীৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ডিচেলাইনেচন (সাগৰৰ পানী খোৱাব পৰা প্ৰক্ৰিয়া) ওপৰত নিৰ্ভৰশীল। জল সংকটৰ সৈতে মোকাবিলা কৰিবলৈ কুৱেইটে কঠোৰ পানী সংৰক্ষণ ব্যৱস্থা ৰূপায়ণ কৰিছে।
সাগৰেৰে আগুৰি থকা অতি সুন্দৰ দেশ মালদ্বীপতো কোনো প্ৰাকৃতিক নদী নাই। কিন্তু সাগৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে ইয়াৰ মিঠা পানীৰ উৎসসমূহ ভাবুকিৰ সন্মুখীন হৈছে। এই দেশখনে নিজৰ পানীৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। মালদ্বীপে বৰষুণৰ পানী সংগ্ৰহ, ডিচেলাইনেচন (সাগৰৰ পানী খোৱাব পৰা প্ৰক্ৰিয়া), আৰু বটলত ভৰোৱা পানীৰ জৰিয়তে পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰে।