দেশৰ ৰাজধানী দিল্লী আৰু এন চি আৰত এই ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছে। মঙলবাৰে পুৱা ৬.৪০ বজাত বিহাৰৰ পাটনাকে ধৰি বহু জিলাত কঁপাইছিল ভূমিকম্পই।
নেপাল আৰু তিব্বততো বহু লোকে ভূইকঁপৰ কঁপনি অনুভৱ কৰিছিল। ইয়াৰ তীব্ৰতা আছিল ৭.১ ৰিখটাৰ স্কেল। নেপালৰ লোবুচেৰ পৰা ৮৪ কিলোমিটাৰ উত্তৰ-পশ্চিমে সংঘটিত হয় এই ভূমিকম্পৰ গভীৰতা আছিল ১০ কিলোমিটাৰ।
কাঠমাণ্ডু, ধাডিং, সিন্ধুপালচৌক, কাভ্ৰে, মাকৱানপুৰকে ধৰি নেপালৰ বহুকেইখন জিলাত কম্পন অনুভূত হয়। ইতিমধ্যে ভূমিকম্পৰ কেন্দ্ৰবিন্দু নেপাল বুলি কোৱা হৈছে। শেহতীয়াকৈ ভাৰতকে ধৰি বহু দেশত ভূমিকম্পৰ প্ৰাদুৰ্ভাৱ যথেষ্ট বৃদ্ধি পাইছে।