উত্তৰ প্ৰদেশৰ সম্ভলত ১২৩টা ঘৰ আৰু দোকান ভাঙি পেলোৱাৰ বাবে জাননী জাৰি কৰা হৈছে। তথ্য অনুসৰি, পৌৰসভাই জৰাজীৰ্ণ অট্টালিকাৰ মালিকক জাননী জাৰি কৰি অট্টালিকা আৰু দোকান ভাঙি পেলাবলৈ নিৰ্দেশ দিয়ে। যদিহে অট্টালিকা আৰু দোকানৰ মালিকে এই নিৰ্দেশ নামানে, তেন্তে পৌৰসভাই বুলডজাৰৰ সহায়ত এই অট্টালিকাসমূহ ভাঙি পেলাব।
পৌৰসভাৰ কাৰ্যবাহী বিষয়া ড০ মণিভূষণ তিৱাৰীয়ে কয় যে, পৌৰসভা আইন ১৯১৬ৰ অধীনত সম্ভল পৌৰসভাই অঞ্চলটোৰ জৰাজীৰ্ণ অট্টালিকাসমূহৰ জৰীপ চলায়।
এই সমীক্ষাত ১২৩টা ঘৰ আৰু দোকান জৰাজীৰ্ণ অৱস্থাত থকা দেখা গৈছে। এই সকলোবোৰ ঘৰ আৰু দোকানৰ অৱস্থা এনেকুৱা যে যিকোনো সময়তে ভাঙি প্ৰাণ হেৰুৱাব পাৰে বহু লোকে। পৌৰসভাই সকলো গৃহ আৰু দোকানৰ মালিকলৈ জাননী জাৰি কৰিছে। যদি তেওঁলোকে নিজে ঘৰ-দুৱাৰ, দোকান-পোহাৰ ভাঙি নিদিয়ে, তেন্তে পৌৰসভাই নিজেই এই জৰাজীৰ্ণ অট্টালিকাবোৰ ভাঙি পেলাব।
সম্ভল হিংসাৰ পিছত অঞ্চলটোত প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও চৰকাৰী ভূমিৰ বেদখল দূৰ কৰিবলৈও বুলডজাৰ ব্যৱহাৰ কৰা হৈছে।
কিছুদিন পূৰ্বে পৌৰসভাই জামা মছজিদৰ জৰাজীৰ্ণ দোকানসমূহ ভাঙি পেলাবলৈ জাননী জাৰি কৰিছিল আৰু ইয়াৰ পিছত মছজিদ সমিতিয়ে নিজাববীয়াকৈ দোকানসমূহ ভাঙি পেলাইছিল। ইয়াৰ পিছত এতিয়া পৌৰসভাই ১২৩টা ঘৰ আৰু দোকান ভাঙি পেলোৱাৰ জাননী জাৰি কৰিছে।